অক্টোবৰৰ ভিতৰতে দেশত দৈনিক ৪-৫ লাখ লোক সংক্ৰমিত হ’ব পাৰে ক’ভিডত

পূৰ্বতকৈও ভয়াৱহ ৰূপ ল’ব পাৰে কৰ’নাৰ সংক্ৰমণে। কৰ’নাৰ দ্বিতীয় ঢৌৰ তুলনাত অধিক মাৰাত্মক হৈ উঠিব পাৰে তৃতীয় ঢৌ। অহা অক্টোবৰৰ ভিতৰতে দেশত দৈনিক ৪-৫ লাখলৈকে লোক সংক্ৰমিত হ’ব পাৰে ক’ভিডত। এই শংকা প্ৰকাশ কৰিছে নিটি আয়োগে। কেন্দ্ৰীয় চৰকাৰক কৰ’নাৰ ৩য় ঢৌ চম্ভালিবলৈ সাজু হ’বলৈ আহ্বান জনাইছে আয়োগে। সমগ্ৰ দেশত পৰিস্থিতি চম্ভালিবলৈ ২ লাখ ICU বিচনা সাজু কৰি ৰখাৰ পৰামৰ্শ আগবঢ়াইছে আয়োগে। নিটি আয়োগৰ মুৰব্বী ভি কে পলৰ নেতৃত্বত গঠিত ক’ভিড-১৯ টাস্ক ফ’ৰ্চে এই সতৰ্কবাণী প্ৰকাশ কৰিছে। কৰ’নাৰ তৃতীয় ঢৌৰ আগমনত দেশৰ ২৩ শতাংশ লোক চিকিৎসাধীন হ’ব লগা হ’ব বুলিও সকীয়াই দিয়ে আয়োগে। ইয়াৰ উপৰি ১.২ লাখ ভেণ্টিলেটৰ সংলগ্ন ICU বেড, ৭ লাখ সাধাৰণ বিচনা আৰু ১০ লাখ ক’ভিড আইছ’লেচন বিচনা অহা মাহৰ ভিতৰত সাজু কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে নিটি আয়োগে। আনহাতে ক’ৰনাৰ তৃতীয় ঢৌত শিশুসকল অধিক ভাবুকিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ক লৈ গঠন কৰা বিশেষজ্ঞ সমিতিয়ে। ইয়াৰ পূৰ্বে প্ৰথম আৰু দ্বিতীয় ঢৌত শিশুসকলে তুলনামূলকভাৱে কম ভাবুকিৰ সন্মুখীন হৈছিল যদিও এইবাৰ পৰিস্থিতি ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...