বিশ্বৰ সৰ্ববৃহৎ ব্ৰেণ্ড হিচাপে পৰিগণিত হোৱা এখন সৰু বাৰ্গাৰ দোকানৰ কাহিনী

0 143

অম্লানজ্যোতি শইকীয়া

প্ৰথম বিশ্বযুদ্ধৰ পিছৰ মন্দাৱস্থাৰ সময়ত নিউ হামচায়াৰৰ দুজন ভাতৃয়ে হলিউডৰ চিনেমা প্ৰযোজক হোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত তেওঁলোক কেলিফৰ্ণিয়ালৈ যায় আৰু চিনেমা হল আৰু হটডগ ষ্টেণ্ড খুলিলে। কিন্তু তেওঁলোকৰ ব্যৱসায় বেছি দিন নচলিল।

থিয়েটাৰ বন্ধ কৰি দুই ভাতৃয়ে ১৯৪০ চনত ৰেষ্টুৰেণ্টৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁলোকে নিজৰ পিতৃ পেট্ৰিক মেকড’নাল্ডছৰ ৰেষ্টুৰেণ্টখন মনৰোভিয়াৰ পৰা ছান বাৰ্নাৰ্ডিনোলৈ স্থানান্তৰিত কৰি ‘দ্য এয়াৰড’ম’ ৰেষ্টুৰেণ্টখনক ‘মেকড’নাল্ডছ’ বুলি নামকৰণ কৰে। আৰু এই মেকড’নাল্ডছৰ জৰিয়তে অৱশেষত দুয়োজন ভাতৃয়ে সফলতাৰ মুখ দেখিলে। এই ব্ৰেণ্ডৰ অধীনত বাৰ্গাৰ, চিকেন চেণ্ডুইচ, চালাড, ডেজাৰ্ট আৰু পানীয়কে ধৰি বিভিন্ন ধৰণৰ খাদ্য বিক্ৰী কৰা হয়। ৰিচাৰ্ড মেকড’নাল্ড আৰু মৰিছ মেকড’নাল্ড নামৰ দুই ভাতৃয়ে প্ৰতিষ্ঠা কৰিছিল আজিৰ মেকড’নাল্ডছ। হয়, বিশ্বৰ আগশাৰী ফাষ্ট ফুড ব্ৰেণ্ড আজিৰ মেকড’নাল্ডছৰ জন্মৰ আঁৰত আছিল এই দুই ভাতৃ।

সেই সময়ত ৰেষ্টুৰেণ্টৰ অৰ্থ আছিল পৰিয়ালৰ দ্বাৰা পৰিচালিত খাদ্যৰ দোকান। ঘৰতে ৰন্ধা খাদ্য দোকানলৈ লৈ যোৱা হৈছিল আৰু সুন্দৰী ওৱেট্ৰেছসকলে খাদ্য পৰিৱেশন কৰিছিল। কিন্তু এইদৰে খাদ্য পৰিৱেশন কৰিবলৈ বহু সময় লাগিছিল আৰু বেছিভাগ সময়তে অৰ্ডাৰ ভুল হৈছিল। মেকড’নাল্ডো ইয়াৰ ব্যতিক্ৰম নাছিল। তেওঁলোকৰ ব্যৱসায় ভালদৰেই চলি আছিল। কিন্তু মেকড’নাল্ডছৰ ভাতৃদ্বয়ে ভাৱিছিল যে, তেওঁলোকে আৰু ভাল কৰিব পাৰিব। তেওঁলোকে খাদ্য বিক্ৰীৰ প্ৰক্ৰিয়াটো কেনেকৈ ক্ষিপ্ৰ কৰিব পাৰি সেইটো বিচাৰি উলিয়াব বিচাৰিছিল। এনে চিন্তাৰ পৰাই ১৯৪৮ চনত তিনিমাহ ধৰি মেকড’নাল্ডছ বন্ধ কৰি দিছিল। তিনিমাহৰ পাছত তেওঁলোকে সম্পূৰ্ণ নতুনকৈ সকলো ব্যৱস্থা কৰিলে।

তেওঁলোকে দেখিলে যে খাদ্যৰ মেনুত হেমবাৰ্গাৰ আটাইতকৈ বেছি বিক্ৰী হোৱা বস্তু। তেওঁলোকে খাদ্য সামগ্ৰী ২৫ৰ পৰা ৯লৈ হ্ৰাস কৰে। কেৱল হেমবাৰ্গাৰ, চীজবাৰ্গাৰ, শীতল পানীয়, গাখীৰ, কফি, আলুৰ চিপচ আদিহে পৰিৱেশন কৰিব। অৱশ্যে, পিছলৈ আলুৰ চিপছৰ ঠাইত ফ্ৰেঞ্চ ফ্ৰাই যোগান ধৰিবলৈ আৰম্ভ কৰিলে। খাদ্য বিক্ৰীৰ ধৰণতো কিছু নতুনকৈ প্ৰৱৰ্তন কৰি ‘Self Service’ ব্যৱস্থা প্ৰৱৰ্তন কৰে। ইয়াত গ্ৰাহকে খাদ্য কিনিবলৈ শাৰী পাতি থিয় হৈছিল, তাৰ পিছত তেওঁলোকক কাগজৰ পেকেটত মেৰিয়াই দিয়া খাদ্যখিনি দিয়া হৈছিল। সেই সময়ত ই যথেষ্ট নতুন আছিল, যিটো এতিয়া বহু খাদ্য ব্ৰেণ্ডত দেখা যায়।

ষ্ট’ৰৰ চেহেৰাটো আভিজাত্যৰ আভাসলৈ অনা হয়। ষ্টেনলি ক্লাৰ্ক মেষ্টনক ডিজাইনৰ দায়িত্ব দিয়া হৈছিল। দোকানখনৰ চালখন সোণৰ আঙুঠিৰে সজাই তোলা হৈছে, যাৰ ফলত ইয়াৰ সৌন্দৰ্য্য আৰু অধিক। এই সকলোবোৰে মেকড’নাল্ডৰ প্ৰচণ্ড জনপ্ৰিয়তা কঢ়িয়াই আনে। মেকড’নাল্ডছ হৈ পৰিল পৰিয়ালৰ মনোৰঞ্জনৰ এক বিশেষ স্থান।

মেকড’নাল্ডৰ ভাতৃদ্বয়ৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি গৈ থাকিল। বাৰ্ষিক ৰাজহ হ’লগৈ ৩ লাখ ৫০ হাজাৰ ডলাৰ। তাৰ পিছত তেওঁলোকে দেখিলে যে, ব্যৱসায়টো লাভজনক আৰু লাহে লাহে সমগ্ৰ আমেৰিকাত আৰু ২০টা শাখা মুকলি কৰিলে। কিন্তু তেওঁলোকৰ কোনোৱেই মূল শাখাটোৰ দৰে ভাল কাম কৰা নাছিল। গুণগত মানৰ পাৰ্থক্য আৰু মেকড’নাল্ডৰ ভাতৃদ্বয়ৰ উদাসীনতাই আন শাখাবোৰৰ বিফলতাৰ কাৰণ হৈ পৰিছিল। সেই সময়ত ১৯৫৪ চনৰ এদিন ৰে ক্ৰক নামৰ এজন ভদ্ৰলোকে দুয়ো ভাতৃক লগ কৰিবলৈ আহিছিল। সেইদিনা তেওঁৰ আগমনে মেকড’নাল্ডছৰ ভাগ্য সলনি কৰি পেলালে।

ৰে ক্ৰক আছিল ইলিনয়ৰ বাসিন্দা। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ১৫ বছৰ বয়সত ৰেড ক্ৰছৰ এম্বুলেন্স চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰে ক্ৰকে। যুদ্ধৰ পিছত তেওঁ পিয়ানোবাদক, সংগীত পৰিচালক, বিক্ৰেতা আদি হিচাপে কাম কৰিছিল। তেওঁ দীৰ্ঘদিন লিলি টিউলিপ কাপ কোম্পানীতো বিক্ৰেতা হিচাপে কাম কৰে। এই সময়তে তেওঁ আৰ্ল প্ৰিন্স নামৰ আইচক্ৰীম দোকানৰ মালিকক লগ পায়। প্ৰিন্সে এনে এটা মেচিন উদ্ভাৱন কৰিছিল যিয়ে একেলগে পাঁচ প্ৰকাৰৰ মিল্কশ্বেক তৈয়াৰ কৰিব পাৰে। ইয়াৰ নাম আছিল ‘মাল্টিমিক্সাৰ’। ইয়াৰ পিছত তেওঁ লিলি টিউলিপ এৰি বিক্ৰেতা হিচাপে কাম কৰি সমগ্ৰ আমেৰিকাত এই মাল্টিমিক্সাৰৰ বিক্ৰী বৃদ্ধি কৰে। তেনে এটা সময়ত মেকড’নাল্ডছৰ পৰা মাল্টিমিক্সাৰ বিক্ৰীৰ বাবে ফোন আহিল।

ৰে ক্ৰকে মাল্টিমিক্সাৰ মেচিনটো বৰ ভালকৈ বিক্ৰী কৰিব পৰা নাছিল। কিন্তু তেওঁ মেকড’নাল্ডছৰ পৰা আঠটা মেচিনৰ অৰ্ডাৰ পাইছিল। তেওঁ ভাবিলে, কিমান লাভজনক ব্যৱসায় হ’লে ৰেষ্টুৰেণ্ট এখনে ইমানবোৰ মেচিন অৰ্ডাৰ দিব পাৰে! সেয়ে যেতিয়া তেওঁ মেচিনটো লৈ গৈছিল, তেতিয়া তেওঁ মূলতঃ দুয়োজন ভাতৃৰ ব্যৱসায়িক অৱস্থা বুজিবলৈ চেষ্টা কৰিছিল। ক্ৰকে দেখিলে যে ইয়াত বিপুল পৰিমাণৰ সম্ভাৱনা আছে, যিটো মেকড’নাল্ডছৰ ভাতৃদ্বয়ে বুজি নাপালে। তেওঁ মেকড’নাল্ডছক ফ্ৰেঞ্চাইজি কৰি সমগ্ৰ আমেৰিকাত বিয়পাই দিব বিচাৰিছিল। গতিক ক্ৰকে প্ৰস্তাৱ দিলে যে, তেওঁ মেকড’নাল্ডছৰ ফ্ৰেঞ্চাইজি এজেণ্ট হিচাপে কাম কৰিব। দুয়োজন ভাতৃয়েও ৰে ক্ৰকক এটা সুযোগ দিলে। দায়িত্ব লৈ ক্ৰকে নিজৰ পৰিকল্পনাৰে কাম আৰম্ভ কৰিলে আৰু ইতিহাসৰ অংশ হৈ পৰিল।

১৯৫৫ চনত ইলিনয়ৰ ডেছ প্লেইনছত ৰে ক্ৰকে প্ৰথমখন মেকড’নাল্ডছ ৰেষ্টুৰেণ্ট খুলিছিল। ১৯৫৯ চনলৈকে তেওঁ ১০০খন ৰেষ্টুৰেণ্ট খুলিছিল। কিন্তু তেওঁ বিশেষ লাভালাভ কৰা নাছিল। কাৰণ মেকড’নাল্ডৰ ভাতৃদ্বয়ে মূলতঃ তেওঁলোকৰ মূল শাখাটোক অধিক গুৰুত্ব দিছিল। বাকী সকলোখিনি ফ্ৰেঞ্চাইজি ক্ৰকে অকলে চাব লগা হ’ল। কিন্তু দুয়োজন ভাতৃকে সকলোৰে লভ্যাংশৰ অংশ দিব লগা হৈছিল। গতিকে তেওঁ চতুৰতাৰে ১৯৬১ চনত দুই ভাতৃৰ পৰা মেকড’নাল্ডছ ২৭ লাখ ডলাৰত কিনিছিল। ইয়াৰ পিছত ক্ৰকে আৰু পিছলৈ ঘূৰি চাব লগা নহ’ল।

এই অভিযানৰ বাবে ১৯৬৩ চনত ৰে ক্ৰকে প্ৰথমবাৰৰ বাবে ৰ’নাল্ড মেকড’নাল্ড নামৰ এজন ক্লাউনক চিনাকি কৰাই দিয়ে। ১৯৬৬ চনত তেওঁ টিভিৰ বিজ্ঞাপনলৈ আনি দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰে। ১৯৬৮ চনলৈকে মেকড’নাল্ডছৰ শাখাৰ সংখ্যা ১০০০ অতিক্ৰম কৰিলে। এই সময়ত মেকড’নাল্ডছে দেশৰ বাহিৰত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। ১৯৬৭ চনত দেশৰ বাহিৰত প্ৰথমবাৰৰ বাবে ক্ৰকে কানাডাত এই ব্ৰেণ্ডৰ এটা শাখা মুকলি কৰে।

মেকড’নাল্ডছক বিশ্বব্যাপী হিট হিচাপে গঢ়ি তোলাৰ পিছত ১৯৭৭ চনত ৰে ক্ৰকে অৱসৰ গ্ৰহণ কৰে। অৱশেষত ১৯৮৪ চনত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ২০১৬ চনত তেওঁক লৈ ‘দ্য ফাউণ্ডাৰ’ নামৰ এখন ছবি নিৰ্মাণ কৰা হয়, য’ত মাইকেল কিটনে ৰে ক্ৰ’কৰ চৰিত্ৰত অভিনয় কৰে। বৰ্তমান বিশ্বৰ ১০০ খনতকৈও অধিক দেশত ইয়াৰ ৩৭,২৪১ টা শাখা আছে। ২০১০ চনত ২৮ হাজাৰৰো অধিক ষ্ট’ৰে বিনামূলীয়া ৱাইফাই সেৱা আৰম্ভ কৰিছিল। মেকড’নাল্ডছে চেৰিটিৰ ক্ষেত্ৰতো বহুখিনি অৱদান আগবঢ়াইছে। ১৯৮৭ চনৰ পৰা ‘দ্য ৰ’নাল্ড মেকড’নাল্ড হাউচ চেৰিটিজ’ই বিভিন্ন দাতব্য সংস্থাক সহায় কৰি আহিছে। বৰ্তমান উত্তৰ-পূৱৰ ক্ৰমবৰ্ধমান বজাৰখনতো প্ৰৱেশ কৰিবলৈ সাজু হৈছে মেকড’নাল্ডছ। আজি গুৱাহাটীৰ গণেশগুৰিত মুকলি হ’ল মেকড’নাল্ডছৰ প্ৰথমখন আউটলেট।

Leave A Reply

Your email address will not be published.