উপৰ্যুপৰি পৰাজয়ঃ নিজদলৰ ভিতৰতে খলনায়ক মোদী

0 82

✒️অচিন্ত্য শৰ্মা

গুজৰাটৰ সাফল্যই ঢাকিব পৰা নাই দিল্লী-হিমাচলত ব্যৰ্থতাৰ দুখ
দলৰ এটা মহলত চলিছে পাৰজয়ৰ নিৰ্মোহ বিশ্লেষণ
মোদীৰ পিনেই আঙুলি টোঁৱাইছে গৰিষ্ঠ সংখ্যক আদৰ্শনিষ্ঠ কৰ্মীয়ে

মাত্ৰ ২৪ ঘণ্টাৰ ব্যৱধানতে দিল্লী আৰু হিমাচল হেৰুৱালে শাসনাধিস্থিত বিজেপিয়ে। সুদীৰ্ঘ ডেৰ দশকৰ পিছত দিল্লী পৌৰ নিগম বিজেপিৰ পৰা আজুৰি নিবলৈ সক্ষম হ’ল আম আদমি পাৰ্টি। আনহাতে হিমাচল প্ৰদেশত শাসনাধিস্থিত বিজেপিক ওফৰাই বিধানসভাত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছ। সমান্তৰালভাবে অনুষ্ঠিত উপনিৰ্বাচনসমূহৰো বেছিভাগতে পৰাজয় ঘটিল বিজেপিৰ। গুজৰাট জয়েৰে বিজেপিয়ে মাথোন স্থিতাৱস্থাহে বাহাল ৰাখিব পাৰিলে। অৱশ্যে আসনৰ সংখ্যা বৃদ্ধিয়ে বৃদ্ধিৰে দলে গুজৰাটত এক নতুন অভিলেখো গঢ়িলে, যি অভিলেখ বিজেপি নেতাকৰ্মী সকলৰ বাবে সম্প্ৰতি হৈ উঠিছে নিচুকণি বঁটাৰ দৰে এটা নিচুকণি বঁটাক লৈয়েই দলৰ ভিতৰত এতিয়া একধৰণৰ উন্নাসিকতাৰ সৃষ্টি হৈছে যদিও বিজেপিৰ সকলোৱেই সেই উন্নাসিকতাৰ ঢৌত উটি ভাঁহ যোৱা নাই। তেনে উটি ভাঁহি নোযোৱা একাংশ তৃণমূল কৰ্মীয়েই দিল্লী-হিমাচলৰ পৰাজয়ক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু পৰাজয়ৰ বিশ্লেষণ কৰিছে, যি বিশ্লেষণৰ পিছত অভিযোগৰ আঙুলি উঠিছে খোদ প্ৰধানমন্ত্ৰী মোদীৰ পিনে। দলৰ মৌলিক নীতি, আদৰ্শ আৰু দৰ্শনৰ লগত গভীৰভাবে বান্ধ খাই থকা এইসকল তৃণমূল নেতা-কৰ্মীৰ দাবী, হিন্দুত্ব আৰু ৰাষ্ট্ৰবাদৰ পথৰ পৰা বিজেপিক আঁতৰাই আনি মোদীয়ে দলটোৰ পৰাজয়ে লাহে লাহে ধাৰাবাহিক পৰাজয়ৰ পথ সুগম কৰিছে। এই পৰাজয়ৰ লাহে লাহে ধাৰাবাহিক পৰাজয়ৰ ৰূপ লৈ দলটোৰ পতন নিশ্চিত কৰিব বুলিও তেওঁলোকে দাবী কৰে। তেওঁলোকৰ আশংকা অটলবিহাৰী বাজপেয়ীৰ নিচিনাকৈয়ে বিকাশৰ শ্লোগান আৰু বিকাশৰ ৰাজনীতিয়ে মোদীয়েও বিজেপিৰ বাবে বিনাশৰ বাবে বিনাশ মাতি আনিব।

এইখিনিতে মনত পেলাব পাৰি যে নিজৰ কাৰ্যকালত প্ৰধানমন্ত্ৰীৰূপে অটলবিহাৰী বাজপেয়ীয়ে একাধিক সূদূৰ প্ৰসাৰী উন্নয়নমূলক কাম কৰিছিল যদিও দল আৰু চৰকাৰৰ এজেণ্ডাৰপৰা সম্পূৰ্ণ ৰূপে বাদ দিছিল হিন্দত্ব আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদ। ৰামমন্দিৰ সাজিবলৈ জনাদেশ পোৱা বাজপেয়ীয়ে ৰামমন্দিৰৰ পিনে পিঠি দি অগ্ৰাধিকাৰ দিছিল ফ’ৰ লেন হাইৱে নিৰ্মাণত। যাৰ পৰিণতিত ২০০৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি শাসনৰ পৰা উত্খাত হৈছিল আৰু পুনৰ কেন্দ্ৰত শাসন ক্ষমতালৈ ঘূৰি অহাৰ বাবে প্ৰয়োজন হৈছিল সুদীৰ্ঘ এটা দশকৰ। এতিয়া মোদীয়েও বাজপেয়ীৰ পথৰেই পথিক হৈ বিজেপিত আকৌ এবাৰ ডুবাৰ বুলি দলৰ ভিতৰে বাহিৰে সৃষ্টি হৈছে তীব্ৰ আশংকাৰ। লক্ষণীয়ভাবে হিন্দুৰ হৃদয় সম্ৰাটৰূপে ২০১৪ চনত ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰবেশ কৰি নিজৰ লগতে দলকো সফলতা দিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই হিন্দুত্ব বা সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা কোৱাৰ সলনি কৈছিল চবকা সাথ, চবকা বিকাশৰ কথাহে। ২০১৯ জয়লাভৰ পিছত তেওঁ দিবলৈ লৈছিল চবকা সাথ, চবকা বিশ্বাসৰ শ্লোগান। অকল শ্লোগানেই নহয়, বিগত চাৰে আঠ বছৰৰো অধিক কাল ধৰি আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ লগ লাগি মোদীয়ে পূৰ্নোদ্যমে মুছলিম তুষ্টিকৰণ নীতি চলাই যোৱা বুলিও অনুভব কৰিছে পূৰ্বোল্লেখিত তৃণমূল নেতাকৰ্মীসকলে। এনে নীতিৰ পৰিণতিত মোদীয়ে পেলেষ্টাইন আৰু আৰৱৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰাৰ উপৰি ওমানৰ ৰয়েল বস্কত থিয় হৈ ভাষণ দিয়াৰ সুযোগ লাভ কৰিছে যদিও ভাৰতত দলটোৱে হেৰুৱাইছে নিজৰ পৰম্পৰাগত হিন্দু ভোট বেংক।

তাত্পৰ্যপূৰ্ণভাবে পৌৰনিগম নিৰ্বাচনৰ পূৰ্বে দিল্লীত মোদীয়ে আৰ্থিকভাবে পিছপৰা লোকৰ মাজত কিছুসংখ্যক আবাস বিতৰণ কৰিছিল। সেই আবাস পোৱা হিতাধিকাৰীসকলৰ ভিতৰত বুজনসংখ্যক দিল্লীত খোপনি পোতা বাংলাদেশী আৰু ৰোহিংগ্যা অনুপ্ৰবেশকাৰী দুৰ্বৃত্তও থকা বুলি অভিযোগ উত্থাপিত হৈছে। আনহাতে হিমাচল প্ৰদেশ বাসস্থান বহু সংখ্যক বিতাড়িত কাশ্মীৰী হিন্দুৰ। অথচ কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰিও কাশ্মীৰী হিন্দুসকলৰ পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা মোদীয়ে নকৰিলে। হিমাচল প্ৰদেশত এইবাৰ বিজেপিৰ প্ৰতি মানুহ অসন্তুষ্ট হৈ উঠাৰ ইয়ো এক অন্যতম কাৰণ বুলি বহুতে ক’ব খোজে। এনেদৰেই এতিয়া গোড়া হিন্দুত্ববাদী বিজেপি নেতাকৰ্মীৰ বাবে মোদীয়েই হৈ উঠিছে পৰাজয়ৰ মূল খলনায়ক। তেনেহলে গুজৰাটত বিজেপি জিকিল কিয়? দিল্লী হিমাচলত বিজেপি পৰাজয়ৰ বাবে মোদীকেই খলনায়ক হিচাপে চিহ্ণিত কৰা পক্ষটোৰ মতে গুজৰাটৰ বিজেপিয়ে নিৰ্বাচন জিকিছে মোদীৰ ৰাজনীতিৰ বাবেহে। নিৰ্বাচন আয়োগৰ তীব্ৰ ৰোষৰ সন্মুখীন হৈও অমিত শ্বাহে প্ৰচাৰাভিযান কালত যেনেদৰে ২০০২ চনৰ গোধৰাকাণ্ড তাৰ পিছৰ ঘটনা প্ৰবাহ মানুহক স্মৰণ কৰাই দিছিল, সেই স্মৃতিয়েই গুজৰাটৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লোৱা বুলি ক’ব খোজে মোদীবিৰোধী শিবিৰটোৱে। সময়েহে ক’ব, শেষ পৰ্যন্ত মোদীয়ে বিজেপিক ক’লৈ লৈ যায় আৰু ইতিহাসে মোদীক ক’লৈ লৈ যায়।

Leave A Reply

Your email address will not be published.