ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্রীলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এটা প্ৰেছ বিবৃতিত সংগঠনটোৰ কেন্দ্রীয় ভাবপ্রাপ্ত সভাপতি মাধৱ দাস আৰু সাধাৰণ সম্পাদক অংশুমান শর্মাই কয় যে অসমৰ যুৱ প্রজন্ম আজি ড্ৰাগছৰ কৰাল গ্রাসত সোমাই পৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্রান্তত ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত বহুতো বিক্ষিপ্ত ঘটনা সঘনে সংঘটিত হ’বলৈ ধৰিছে। যিটোৱে অসমৰ সমাজ জীৱনৰ বাবে অশনি সংকেত বহন কৰিছে। শেহতীয়াকৈ ডিমা হাচাও জিলাত কর্তব্যৰত আৰক্ষী বিষয়া নৱজিৎ দাসৰ ড্ৰাগছ মাফিয়াৰ হাতত নৃশংস হত্যাৰ ঘটনাই হওঁক, যোৰহাটত সংঘটিত ড্ৰাগছৰ অভাৰড’ছৰ ফলত যুৱতীৰ মৃত্যুৰ ঘটনাই হওঁক বা লক্ষীমপুৰত ড্ৰাগছৰ অবাধ প্রচলনৰ ফলত সংঘটিত শেহতীয়া ঘটনাই হওক, এই ঘটনাবোৰে প্ৰমাণ কৰিছে যে ৰাজ্যত এই ড্রাগছৰ অবাধ প্রচলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নেতা দুগৰাকীয়ে লগতে গভীৰ উদ্বেগ প্রকাশ কৰি কয় যে ড্ৰাগছৰ লগত জড়িত ব্যক্তিসকলক সময়ে সময়ে প্রশাসনে কৰায়ত্ব কৰি জেললৈ প্রেৰণ কৰা দেখা গ’লেও, কিছুদিনৰ পাছতে আইনৰ সুৰুঙাৰে মুকলি হৈ আহি তেওঁলোকে পুনৰ একে ধৰণৰ অপকর্মত অধিক উৎসাহেৰেহে লিপ্ত হৈছে। একেটা অপবাধ বাৰে বাৰে কৰি অহা এই কুখ্যাত অপৰাধীবোৰক নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে সোনকালে অতি কঠোৰ আৰু বিশেষ আইন বলবৎ কৰাটো আজি অতি প্রয়োজনীয় হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত দাস আৰু শৰ্মাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছে যে ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা লওক, আন্তঃৰাজ্যিক সীমান্তত কঠোৰ নজৰ ৰাখক আৰু প্ৰতিখন জিলাত চৰকাৰী উদ্যোগত বিনামূলীয়াকৈ নিচামুক্তি কেন্দ্র স্থাপন কৰক। একেটা বিবৃতিতে নেতা দুগৰাকীয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত হৈ ড্ৰাগছৰ বিৰুদ্ধে এটা শক্তিশালী সামাজিক আন্দোলন গঢ়ি তোলাৰো আহ্বান জনাইছে।

বিবৃতিখনৰ শেষত পৰিষদৰ ফালৰ পৰা কোৱা হয় যে অসমৰ ভবিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে চৰকাৰে এই ক্ষেত্রত শূন্য সহনশীলতা (Zero Tolerance) নীতি গ্রহণ কৰাটো আজি সময়ৰ আহ্বান। অন্যথা আমাৰ নৱ-প্ৰজন্ম সম্পূর্ণরূপে ধ্বংস হৈ যোৱাটো প্রায় নিশ্চিত বুলি সংগঠনৰ নেতা দুগৰাকীয়ে মন্তব্য কবে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...