লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial Delivery Research and Development Establishment (ADRDE)-এ প্ৰস্তুত কৰা স্বদেশী Military Combat Parachute System (MCPS)-ৰ লাডাখৰ Nyoma–Mudh Drop Zoneত সফল পৰীক্ষণ সম্পন্ন কৰা হৈছে।

এই স্থান বিশ্বৰ অন্যতম উচ্চতম উচ্চতাৰ Drop Zone হিচাপে পৰিচিত।

ADRDEৰ টেষ্ট জাম্পাৰ উইং কমাণ্ডাৰ ৰাহুল ঝা, Chief Test Jumper, MWO R J Singh, VM(G) আৰু MWO Vivek Tiwari-এ সমুদ্ৰপৃষ্ঠৰ পৰা ২২,০০০ ফুট উচ্চতাৰ পৰা পেৰাচ্যুট জাম্প সম্পন্ন কৰে। সেই সময়ত তাপমাত্ৰা আছিল প্ৰায় −১৫°C।

পৰীক্ষণৰ সময়ত MCPSৰ লগতে স্বদেশী পেৰা কম্পিউটাৰ, অক্সিজেন ছিষ্টেম আৰু বিশেষ জাম্পছুট ব্যৱহাৰ কৰা হয়। ২০,০০০ ফুট উচ্চতাত পেৰাচ্যুট মুকলি কৰাৰ পাছত জাম্পাৰসকলে ১৩,৭০০ ফুট উচ্চতাত সুৰক্ষিতভাৱে অৱতৰণ কৰে।

এই সফল পৰীক্ষণে চৰম উচ্চতা আৰু শীতল পৰিৱেশত MCPSৰ কাৰ্যক্ষমতা, নিৰ্ভৰযোগ্যতা আৰু সামৰিক ব্যৱহাৰযোগ্যতা প্ৰমাণ কৰিছে। এই সফলতাই গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা প্ৰযুক্তিত আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক অধিক শক্তিশালী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...