হিমন্ত বিশ্বৰ ১০০দিনীয়া চৰকাৰৰ কাম-কাজৰ খতিয়ান

চাওঁতে চাওঁতে ১০০ দিন পাৰ হ’ল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ১০ মে’ত শপত লৈছিল। এই ১০০ দিনতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বৰ কোনো এখন চৰকাৰে নকৰা কাম এটাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই কাম আৰম্ভ কৰিছিল। এই কামটো হ’ল ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে সৰ্বাত্মক অভিযান। এসময়ত হিতেশ্বৰ শইকীয়া আছিল অসমৰ মুখ্যমন্ত্ৰী। বহুতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু কাৰ্যকলাপক হিতেশ্বৰ শইকীয়াৰ লগতো তুলনা কৰিছে।

কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল
দাঙি ধৰিলে চৰকাৰৰ কামৰ খতিয়ান
১০০দিনীয়া চৰকাৰৰ কাম-কাজৰ খতিয়ান
লাইলাপুৰত নিহত আৰক্ষীৰ পৰিয়ালৰ সদস্যক নিযুক্তি
অনুকম্পামূলক নিযুক্তি শ্বহীদ জোৱানৰ পৰিয়ালৰ সদস্যক
১০০দিনীয়া যাত্ৰাৰ পত্ৰিকা উন্মোচন মুখ্যমন্ত্ৰীৰ
প্ৰতিদিনে ১.৫ লাখ লোকক ভেকচিন প্ৰদান
বৰ্তমানলৈ ১ কোটি ২১ লাখ ৫৯ হাজাৰ ১৬২জনক ভেকচিন প্ৰদান
এক লাখ নিযুক্তিৰ ৰূপোৱালী যাত্ৰাৰ আৰম্ভণি
আজি নিযুক্তি ৭৬৭গৰাকীক
‘উগ্ৰপন্থীত থকাসকল মূলসুতিলৈ ঘূৰি আহিছে’
‘প্ৰতিটো বিভাগতে বিত্তীয় আৰু প্ৰশাসনীয় সংস্কাৰ হৈছে’
‘ক’ভিডৰ বিৰুদ্ধে ৩ মাহ অবিৰাম যুঁজ কৰা হৈছে’
‘সম্পূৰ্ণ লকডাউন নিদিয়াকৈ নিয়ন্ত্ৰিত হৈছে ক’ভিড’
‘সীমা বিবাদ নিষ্পত্তিৰ বাবে ইতিবাচক পদক্ষেপ লৈছো’
‘অসমৰ সীমা সুৰক্ষিত কৰিবলৈ সক্ষম হৈছো’
‘বিটিচিৰ শান্তি-উন্নয়নৰ বাবে কাম কৰিছো’
‘আৰক্ষী বিভাগত কৰা হৈছে সংস্কাৰ’
‘ৰাজ্যত দুগ্ধ বিপ্লৱৰ বাবে আঁচনি লোৱা হৈছে’
‘প্ৰতিদিনে ১০ লাখ লিটাৰ উৎপাদনৰ লক্ষ্য’
‘৬ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ আঁচনি’
‘৩ মাহত ৰাজ্য চৰকাৰৰ বিত্তীয় শক্তি বৃদ্ধি পাইছে’
‘উদ্যোগখণ্ডত লোৱা হৈছে নতুন ব্যৱস্থা’
‘শক্তিখণ্ডত ৩ মাহত উল্লেখযোগ্য সফলতা’
‘প্ৰতিমাহত জিলা সদৰত একোখনকৈ কেবিনেট বৈঠক’
‘মন্ত্ৰীসকলে এদিন আগতেই জিলা সদৰলৈ কৰিব যাত্ৰা’
‘জিলা সদৰলৈ হেলিকপ্টাৰ, বিমানত যাত্ৰা নহ’ব’
‘গাড়ীৰে যাব লাগিব কেবিনেট হ’বলগীয়া জিলা সদৰলৈ’
‘যাওতে বাটত পোৱা জিলাৰ কাম-কাজৰ খতিয়ান ল’ব’
‘অৰুণোদয়ৰ ধন ৮৩০ৰ পৰা ১,০০০ টকালৈ বৃদ্ধি’
‘নৱম-দশম শ্ৰেণীত ভূগোল, বুৰঞ্জী বাধ্যতামূলক’
‘ছমাহৰ পৰা এবছৰৰ ভিতৰত গুৱাহাটীত ইলেকট্ৰিক বাছৰ ব্যৱস্থা’
‘ASTC-এ এতিয়াৰ পৰা পেট্ৰ’ল-ডিজেলৰ বাছ নচলায়’
‘শীঘ্ৰে ১০০খন ইলেকট্ৰিক বাছৰ ব্যৱস্থা ৰাজ্যত’
‘চলিব পৰা নাই আন্তঃজিলা বাছ সেৱা’
‘চালক-হেণ্ডিমেনক দিয়া হ’ব ১০ হাজাৰকৈ সাহায্য’
‘পূজাৰী-নামঘৰীয়াক ১৫ হাজাৰকৈ আৰ্থিক সাহায্য’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...