মহিলা নিউজ এংকৰক কাৰ্যালয়লৈ অহাত বাধা তালিবানৰ

তালিবানে আফগানিস্তানৰ শাসন ব্যৱস্থা নিজৰ হাতলৈ অনাৰ পিছৰে পৰা কাবুলৰ মহিলাসকলে তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ দাবীৰে ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে তালিবানৰ হাতত এৰি দেশৰ পৰা পলাই যোৱাৰ পিছৰে পৰা আফগানিস্তানৰ মহিলাসকলৰ বাবে এক দুঃস্বপ্ন আৰম্ভ হৈছে। যদিও তালিবানে আফগান মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল, যদিও সেই আশ্বাসত আশ্বস্ত নহয় মহিলা সকল। আফগানিস্তানৰ টেলিভিছন চেনেল RTA Pashtoত কাম কৰা এগৰাকী আফগান মহিলা এংকৰ শ্বৱনম দাৱাৰণক কাৰ্যালয়লৈ অহাত বাধা আৰোপ কৰিছে তালিবানে।

দাৱাৰণে কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যদিও সংবাদকৰ্মী গৰাকীৰ পৰিচয় পৰ্যন্ত কাঢ়ি লৈ যায় তালিবানী সন্ত্ৰাসবাদীয়ে। “মই কাৰ্যালয়লৈ গৈছিলো কিন্তু তেওঁলোকে মোক কৈছিল যে এতিয়া শাসন ব্যৱস্থা সলনি হৈছে। আপোনাক অনুমতি দিয়া হোৱা নাই, ঘৰলৈ যাওক,” এংকৰ গৰাকীয়ে এক ভিডিঅ’ত এই কথা ব্যক্ত কৰিছিল। এই ভিডিঅ’টোৱে তালিবানৰ মিথ্যাচাৰ সুন্দৰ ৰূপত প্ৰকাশ কৰিছে। তালিবানে প্ৰথমখন সংবাদমেলতে দাবী কৰিছিল যে তেওঁলোকে মহিলাসকলক অধিক স্বাধীনতা প্ৰদান কৰিব। মহিলাসকলে পুৰুষৰ অবিহনেও বজাৰলৈ, অধ্যয়ন কৰিবলৈ, কামলৈ যাবলৈ অনুমতি দিব। শ্বৱনমৰ ভিডিঅ’টোৱে পুনৰবাৰ প্ৰমাণিত কৰিলে যে তালিবানে বিশ্ববাসীক দেখুওৱা কাম-কাজ আৰু সিদ্ধান্তবোৰৰ সৈতে বাস্তৱতাৰ মিল নাই। এই ভিডিঅ’টোৱে ২০০১চনৰ পূৰ্বে দেশখনত তালিবান শাসনৰ বিষয়েও বিশ্বক সোঁৱৰাই দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...