মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্বতন্ত্ৰ সংগ্ৰামী দলবীৰ সিং লোহাৰ উৎকৃষ্ট সমাজ সেৱা বঁটা

মন্ত্ৰী অশোক সিংহলে খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ১৭ সংখ্যক কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশন আৰু দ্বিতীয় উত্তৰ পূৰ্বাঞ্চল গোৰ্খা মহোৎসৱ ২০২৩ত মুখ্য অতিথি তথা অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, দাৰ্জিলিঙৰ সাংসদ ৰাজু বিস্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক ভাস্কৰ শৰ্মা, গণেশ লিম্বু, অতুল বৰা আৰু পৃথ্বীৰাজ ৰাভা তথা গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন জাতীয় অনুষ্ঠানক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে জাতি ৰক্ষাৰ ক্ষেত্ৰত গোৰ্খা জনগোষ্ঠীটোৱে বিশেষ দায়বদ্ধতাৰে কাম কৰি গৈছে৷ সীমান্তৰ প্ৰহৰী হিচাপে গোৰ্খা জনগোষ্ঠীৰ অৱদানৰ কথা বিশেষভাৱে উল্লেখ কৰি তেওঁ কয় যে মৃত্যুলৈ ভয় নকৰা এক পৰাক্ৰমী জাতি হিচাপে তেওঁলোকৰ বিশেষ সুনাম আছে।

অসমৰ অন্যান্য জাতি-জনগোষ্ঠীৰ দৰে গোৰ্খা জনগোষ্ঠীৰো বিভিন্ন সমস্যা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই সমস্যাবোৰ সমাধানৰ বাবে গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা সন্মিলন, সাহিত্য সভাৰ সৈতে বিভিন্ন সময়ত আলোচনা-পৰ্যালোচনাত মিলিত হৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। গোৰ্খা জনগোষ্ঠীৰ ভূমিৰ সমস্যা সমাধানৰ লগতে ডি-ভোটাৰৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে লোৱা ইতিবাচক ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে গোৰ্খা জনগোষ্ঠীৰ প্ৰতিটো সমস্যাই চৰকাৰে সমাধান কৰি তেওঁলোকক বিকাশৰ দিশত আগবঢ়াই নিয়াৰ বাবে কাম কৰি গৈছে।

উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চল গোৰ্খা মহোৎসৱৰ তৰফৰ পৰা এইবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা স্বতন্ত্ৰ সংগ্ৰামী দলবীৰ সিং লোহাৰ উৎকৃষ্ট সমাজ সেৱা বঁটা, ২০২৩ মুখ্যমন্ত্রীৰ হৈ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...