বিশিষ্ট সাংস্কৃতিক কৰ্মী কালীপ্ৰসাদ ৰেড্ডীৰ দেহাৱসান

0 264

বিশিষ্ট সাংস্কৃতিক কৰ্মী কালীপ্ৰসাদ ৰেড্ডীৰ দেহাৱসান। ৮৯ বছৰ বয়সত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে। মন মন্দিৰ, অনুৰাধা আদি অসমীয়া চলচ্চিত্ৰত গীত ৰচনাৰে খলকনিৰ সৃষ্টি কৰিছিল ৰেড্ডীয়ে।

সুধাকণ্ঠ ভূপেন হাজৰিকা, খগেন মহন্ত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ দৰে বৰেণ্য শিল্পীৰ লগত তবলা সংগত কৰিছিল কালী প্ৰসাদ ৰেড্ডীয়ে। নাজিৰা চহৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা আছিল শিল্পী জন। ৰেড্ডীৰ বিয়োগত সমগ্ৰ নাজিৰাত শোকৰ ছাঁ।

Leave A Reply

Your email address will not be published.