মেঘালয়ৰ ইষ্ট গাৰো হিলছৰ ওৱাগাচিত নৃশংস ঘটনা

মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ ওৱাগাচিত সংঘটিত এক শিহৰণকাৰী ঘটনা। অচিনাক্ত দুৰ্বৃত্তই ওৱাগাচিৰ বনাঞ্চলত গোৱালপাৰাৰ ৩ জন যুৱকক জীৱন্তে জ্বলাই হত্যা কৰাৰ এক ভয়ংকৰ কাহিনী বুধবাৰে পোহৰলৈ আহিছে। মঙলবাৰে এখন ছুইফ্ট ডিজায়াৰ বাহনেৰে মেঘালয়লৈ গৈছিল গোৱালপাৰাৰ যুৱক তিনিজন। বুধবাৰে জ্বলি ছাৰখাৰ হোৱা বাহনখন আৰু জ্বলাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱক তিনিজনৰ মৃতদেহ। যুৱকৰ তিনিজন গোৱালপাৰাৰ জমৰ আলী, নুৰ মহম্মদ আৰু জাহিদুল ইছলাম বুলি চিনাক্ত হৈছে। নিশা অচিনাক্ত দুৰ্বৃত্তই বাহনসহ যুৱক ৩ জনক জ্বলাই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ।

নাৰকীয়-শিহৰণকাৰী…
মেঘালয়ৰ ইষ্ট গাৰো হিলছত নাৰকীয় ঘটনা
ওৱাগাচি বনাঞ্চলত আৰক্ষীয়ে দেখিলে বীভৎস দৃশ্য
ছুইফ্ট ডিজায়াৰসহ জীৱন্তে জ্বলাই দিলে ৩ জনক
কি হ’ল, কোনে জ্বলালে, কোনেও নাজানে!

মেঘালয়ৰ ইষ্ট গাৰো হিলছৰ ওৱাগাচি বনাঞ্চলত গাৰ নোম শিয়ঁৰি যোৱা বীভৎস দৃশ্য। জ্বলি ছাৰখাৰ হৈ যোৱা এখন ছুইফ্ট ডিজায়াৰ বাহন। জ্বলি একপ্ৰকাৰ ছাইত পৰিণত হৈছে স্বয়ং বাহনখনেই। কেৱল চেচিটোহে বাকী ৰৈছে। গুৱাহাটীত পঞ্জীয়নকৃত গাড়ীখনৰ নম্বৰ AS01-EV-5247.

গাড়ীখনত থকা ৩ যুৱককো জীৱন্তে জ্বলাই হত্যা। জ্বলাই মাটিত পুতি থোৱা অৱস্থাত ওৱাগাচি বনাঞ্চলতে ভষ্মীভূত গাড়ীখনৰ কাষত উদ্ধাৰ হ’ল ৩ টাকৈ মৃতদেহ। মৃতদেহ তিনিটাৰ এটা গাড়ীৰ মালিক জমিৰ আলীৰ।

আন এটা মৃতদেহ গাড়ীচালক নুৰ মহম্মদৰ বুলি চিনাক্ত হৈছে।
গোৱালপাৰাৰ দলগোমাত ঘৰ নিহত জমিৰ আলী আৰু নুৰ মহম্মদৰ।
আনটো মৃতদেহ কৃষ্ণাই খাৰিধৰাৰ জাহিদুল ইছলাম।

এই শিহৰণকাৰী ঘটনাক লৈ সমগ্ৰ গোৱালপাৰাতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। নিহত জমিৰ আলী, নুৰ মহম্মদ আৰু জাহিদুল ইছলামৰ পৰিয়ালত হাহাকাৰ। কান্দোনত ভাগি পৰিছে আত্মীয়। সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত গাড়ী লৈ মেঘালয়লৈ গৈছিল ৩ যুৱক। মঙলবাৰে পুৱা ঘূৰি আহি আহি আছোঁ বুলি পৰিয়ালক ফোন কৰিছিল। কিন্তু দিনৰ ভাগৰ পৰাই মোবাইল বন্ধ হৈ পৰে তিনিওৰে। নিশা পৰ্যন্ত তেওঁলোক উভতি নহাত মঙলবাৰে সন্ধিয়া মটিয়া থানাত নিৰুদ্দেশৰ গোচৰ দিছিল পৰিয়ালে। গাড়ীখনত সংলগ্ন জিপিএছৰ জৰিয়তে ঘটনাস্থলীৰ উমান পায় পৰিয়াল আৰু আৰক্ষীয়ে।

ঘটনাস্থলীত পুংখানুপুংখ অনুসন্ধান অব্যাহত অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে। ফৰেনছিক বিশেষজ্ঞয়ো ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰিছে নৃশংস অপৰাধৰ ক্লু। পৰিয়াল আৰু প্ৰতিবেশীৰ সন্দেহ অজ্ঞাত দুৰ্বৃত্তই গাড়ীসহ তিনিওকে জ্বলাই দি হত্যা কৰিছিল।

মন কৰিবলগীয়া যে, গাড়ীৰ মালিক নিহত জমিৰ আলী আ-অলংকাৰৰ ব্যৱসায়ৰ সৈতে জড়িত। অৱশ্যে গোৱালপাৰা আৰক্ষীয়ে নিহত জমিৰ আলী আৰু জাহিদুল ইছলাম সন্দৰ্ভত লাভ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। সেই তথ্যৰ সত্যাসত্য সন্দৰ্ভতো অনুসন্ধান অব্যাহত আছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ইষ্ট গাৰো হিলছৰ ওৱাগাচি বনাঞ্চলত মঙলবাৰে প্ৰকৃততে কি হৈছিল!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...