ৰতন টাটাৰ আজি ওপজা দিন, কিয় আজীৱন চিৰকুমাৰ হৈ ৰ’ল? সুন্দৰী প্ৰেমিকাৰ সৈতে কিয় বিয়া নহ’ল ৰতন টাটাৰ?

ৰতন টাটা, নামেই যাৰ পৰিচয়। সেইগৰাকী ৰতন টাটাৰ আজি ওপজা দিন। ধন-যশ, খ্যাতি-প্ৰাচুৰ্য কি নাছিল জীৱনত! তাৰ পিছতো কিয় অবিবাহিত হৈ ৰল ৰতন টাটা, কিয় চিৰকুমাৰ জীৱন বাচি ললে টাটাই, প্ৰেয়সীৰ সৈতে কিয় বিয়া নহ’ল ৰতন টাটাৰ এই সকলো প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই উল্লেখ কৰিছে। তেওঁ লিখিছে-
আৰ্কিটেক্সাৰ বিষয়ত মই স্নাতক ডিগ্ৰী লৈছিলো। কিন্তু দেউতা সুখী নাছিল। সেইবাবে মই ঠিক কৰিলো যে মই চাকৰি বিচাৰি আমেৰিকাৰ লছ এঞ্জেলছলৈ যাম। কথামতেই এদিন মই সপোনৰ চহৰখনলৈ গুচি গ’লো। তাতেই এগৰাকী যুৱতীৰ সৈতে মই ক’ব নোৱাৰাকৈয়ে প্ৰেমৰ সম্পৰ্কত বান্ধ খালো..এয়াই আছিল আৰম্ভণি। লছ এঞ্জেলছত লাহে লাহে চাকৰিটো মোৰ ভাল লগা হৈ আহিছিল। তেতিয়ালৈ দুবছৰ পাৰ হৈছিল। সেই সময়লৈ নিজাকৈ এখন গাড়ীও কিনিছিলো। তাইৰ সৈতেও মোৰ প্ৰেমৰ সম্পৰ্ক ভালদৰেই পাৰ হৈছিল। ভাল পাওঁ যিহেতু, একেবাৰে বিয়া কৰাম বুলি থিৰাং কৰি পেলাইছিলো।

কিন্তু সেই সময়তে ঘটিল অঘটন। হঠাৎ আইতা অসুস্থ হৈ পৰিল। দৌৰাদৌৰিকৈ ঘৰলৈ উভতিব লাগে। ভাবিছিলো মোৰ লগত তাইও আহিব। ইতিমধ্যে ভাৰত–চীনৰ যুদ্ধ আৰম্ভ হৈছিল। ১৯৬২ চনত পৰিস্থিতি ইমান ভয়াৱহ আছিল যে প্ৰেমাস্পদৰ পিতৃ–মাতৃ ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰে। ঘৰৰ সন্মতি অবিহনে তাইয়ো মোৰ সৈতে আহিব নোৱাৰিলে। ঘৰলৈ ঘূৰি অহাৰ পিছত মই ভাৰততে চিৰস্থায়ীভাবে থাকিবলগীয়া হ’ল, ফলত ইমানতে ইতি পৰিল আমাৰ সম্পৰ্কৰ।’


ৰতন টাটাৰ জীৱনত আইতাকৰ আছিল বহু গুৰুত্বপূৰ্ণ অৱদান। পিতৃ–মাতৃৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত ৰতন টাটাই আইতাকৰ সৈতে পাৰ কৰিছিল নিজৰ শৈশৱ আৰু কৈশোৰৰ বহু আবেগভৰা সময়। যাৰ বাবে আইতাক অসুস্থ হোৱাৰ লগে লগে ঢপলিয়াই আহিছিল ৰতন টাটাই। হিউমেছন অৱ বম্বে নামৰ এটা পেজত ৰতন টাটাই মুকলিভাবে ৰাজহুৱা কৰিছিল নিজৰ প্ৰেম কাহিনী। শৈশৱ-কৈশোৰ আৰু নিজৰ প্ৰেম কাহিনীৰ বিষয়ে প্ৰকাশ কৰিছিল এইগৰাকী মানৱ দৰদী চিৰকুমাৰ ব্যক্তিয়ে। পৰিস্থিতিৰ দাসত পৰি প্ৰথম প্ৰেম বিফল হোৱাৰ পিছত আজীৱন অবিবাহিত হৈয়ে পাৰ কৰিলে এইগৰাকী ৰতন টাটাই। উদ্যোগ প্ৰতিষ্ঠান, বিনিয়োগ আৰু সমাজসেৱাৰ মাজেৰেই নিজৰ জীৱন পাৰ কৰিলে ৰতন টাটাই। এতিয়াও আৰ্তজনৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে বিলাই দিছে এখন সহায়ৰ হাত, অনুভূতিৰ চাপ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হোৱাইট হাউছত ট্ৰাম্প প্ৰশাসনৰ সৈতে বৈঠক Metaৰ CEO মাৰ্ক জাকাৰবাৰ্গৰ

ফেচবুকৰ মূল কোম্পানী METAৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক...

ৰোহিত শৰ্মাৰ পিছত এইবাৰ মাধুৰী দীক্ষিতৰ বিষয়ে বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ…

ৰোহিত শৰ্মাৰ বিষয়ে কংগ্ৰেছ নেত্ৰীৰ বিতৰ্কিত মন্তব্যৰ কেইদিনমান পিছতে,...

সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাৰ পথত আকৌ প্ৰতিবন্ধকতা

স্পেচএক্সে কেনেডী স্পেচ চেণ্টাৰত হাইড্ৰ’লিক চিষ্টেমত সমস্যা ধৰা পৰাৰ...

নিজাকৈ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ

ভাৰতে এতিয়া নিজৰ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ দিশত এক...