পৃথিৱীলৈ প্ৰথমেই মুৰ্গী আহিছিল নে কণী? বিজ্ঞানীয়ে বিচাৰি উলিয়ালে উত্তৰ!

বছৰ বছৰ ধৰি বিজ্ঞানীসকলে বিচাৰি আছে উত্তৰ। পৃথিৱীলৈ প্ৰথমতে মুৰ্গী আহিছিল নে কণী? আৰু এই প্ৰশ্নৰ উত্তৰ অৱশেষত বিচাৰি পালে বিজ্ঞানীয়ে। ব্ৰিটেইনৰ বিজ্ঞানীসকলৰ মতে মুৰ্গীহে প্ৰথমে আহিছিল পৃথিৱীলৈ।

ব্ৰিটেইনৰ শ্বেফিল্ড আৰু ৱাৰউইক বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এক অধ্যয়ন চলাইছিল এই বিষয়ে। অধ্যয়নৰ লেখক ডঃ কলিন ফ্ৰীমেনে কয় যে বিশ্বজুৰি বিজ্ঞানীসকলে বহু বছৰ ধৰি উত্তৰ বিচাৰি আছিল যে প্ৰথম কুকুৰা আহিছিল নে কণী?

ফ্ৰীমেনে জনোৱা মতে বহু বছৰ ধৰি চলোৱা অধ্যয়নৰ পাছতো পোৱা নাছিল সঠিক উত্তৰ। পিছে এতিয়া এইটো প্ৰমাণিত হৈছে যে প্ৰথমে কুকুৰাহে আহিছিল পৃথিৱীলৈ। গৱেষকসকলে কয় যে কণী সাজু হোৱাৰ বাবে অভক্লিডিন নামৰ এটা প্ৰ’টিনৰ প্ৰয়োজন। গৰ্ভৱতী অৱস্থাত কুকুৰাৰ জৰায়ুত সৃষ্টি হয় এই বিশেষ প্ৰকাৰৰ প্ৰ’টিন। অৰ্থাৎ এইটো স্পষ্ট যে কুকুৰাহে আগতে পৃথিৱীলৈ আহিছিল আৰু কণী নহয়।

গৱেষকসকলে অধ্যয়নটোৰ সময়ত চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰিছিল হাই-টেক কম্পিউটাৰ হেক্টৰ। এই সময়ছোৱাত, বিজ্ঞানীসকলে কণীৰ খোলাৰ (ওপৰৰ অংশ) আণৱিক গাঁথনি বুজি পাইছিল। অধ্যয়নটোৰ সময়ত দেখা গৈছিল যে অভক্লিডিন প্ৰ’টিনৰ সহায়ত কেলচিম কাৰ্বনেট কণীৰ খোলাত ফুলি উহে। লাহে লাহে, এই খোলাটো শক্তিশালী হ’বলৈ আৰম্ভ কৰে।

গৱেষক ডাঃ কলিনেকয় যে কুকুৰাৰ হাড় আৰু কণীৰ খোলাত কেলচিট স্ফটিক পোৱা যায়। যেতিয়া কণীটো সম্পূৰ্ণৰূপে সাজু হয়, ই ওলাই আহে। বেছিভাগ কুকুৰাই প্ৰতি ২৪ৰ পৰা ৩৬ ঘণ্টাত কণী পাৰে।

অৱশ্যে ড০ কলিনে কয় যে কুকুৰাটো প্ৰথমে আহিছিল নে কণী আছিল তাৰ উত্তৰ পোৱা গৈছে, কিন্তু পৃথিৱীত কুকুৰা কেনেদৰে প্ৰথমে সৃষ্টি হৈছিল হৈছিল সেই উত্তৰ এতিয়াও পোৱা হোৱা নাই। এই সন্দৰ্ভত বিজ্ঞানীয়ে চলাই আছে অধ্যয়ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...