ৰতন টাটাৰ আজি ওপজা দিন, কিয় আজীৱন চিৰকুমাৰ হৈ ৰ’ল? সুন্দৰী প্ৰেমিকাৰ সৈতে কিয় বিয়া নহ’ল ৰতন টাটাৰ?

ৰতন টাটা, নামেই যাৰ পৰিচয়। সেইগৰাকী ৰতন টাটাৰ আজি ওপজা দিন। ধন-যশ, খ্যাতি-প্ৰাচুৰ্য কি নাছিল জীৱনত! তাৰ পিছতো কিয় অবিবাহিত হৈ ৰল ৰতন টাটা, কিয় চিৰকুমাৰ জীৱন বাচি ললে টাটাই, প্ৰেয়সীৰ সৈতে কিয় বিয়া নহ’ল ৰতন টাটাৰ এই সকলো প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই উল্লেখ কৰিছে। তেওঁ লিখিছে-
আৰ্কিটেক্সাৰ বিষয়ত মই স্নাতক ডিগ্ৰী লৈছিলো। কিন্তু দেউতা সুখী নাছিল। সেইবাবে মই ঠিক কৰিলো যে মই চাকৰি বিচাৰি আমেৰিকাৰ লছ এঞ্জেলছলৈ যাম। কথামতেই এদিন মই সপোনৰ চহৰখনলৈ গুচি গ’লো। তাতেই এগৰাকী যুৱতীৰ সৈতে মই ক’ব নোৱাৰাকৈয়ে প্ৰেমৰ সম্পৰ্কত বান্ধ খালো..এয়াই আছিল আৰম্ভণি। লছ এঞ্জেলছত লাহে লাহে চাকৰিটো মোৰ ভাল লগা হৈ আহিছিল। তেতিয়ালৈ দুবছৰ পাৰ হৈছিল। সেই সময়লৈ নিজাকৈ এখন গাড়ীও কিনিছিলো। তাইৰ সৈতেও মোৰ প্ৰেমৰ সম্পৰ্ক ভালদৰেই পাৰ হৈছিল। ভাল পাওঁ যিহেতু, একেবাৰে বিয়া কৰাম বুলি থিৰাং কৰি পেলাইছিলো।

কিন্তু সেই সময়তে ঘটিল অঘটন। হঠাৎ আইতা অসুস্থ হৈ পৰিল। দৌৰাদৌৰিকৈ ঘৰলৈ উভতিব লাগে। ভাবিছিলো মোৰ লগত তাইও আহিব। ইতিমধ্যে ভাৰত–চীনৰ যুদ্ধ আৰম্ভ হৈছিল। ১৯৬২ চনত পৰিস্থিতি ইমান ভয়াৱহ আছিল যে প্ৰেমাস্পদৰ পিতৃ–মাতৃ ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰে। ঘৰৰ সন্মতি অবিহনে তাইয়ো মোৰ সৈতে আহিব নোৱাৰিলে। ঘৰলৈ ঘূৰি অহাৰ পিছত মই ভাৰততে চিৰস্থায়ীভাবে থাকিবলগীয়া হ’ল, ফলত ইমানতে ইতি পৰিল আমাৰ সম্পৰ্কৰ।’


ৰতন টাটাৰ জীৱনত আইতাকৰ আছিল বহু গুৰুত্বপূৰ্ণ অৱদান। পিতৃ–মাতৃৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত ৰতন টাটাই আইতাকৰ সৈতে পাৰ কৰিছিল নিজৰ শৈশৱ আৰু কৈশোৰৰ বহু আবেগভৰা সময়। যাৰ বাবে আইতাক অসুস্থ হোৱাৰ লগে লগে ঢপলিয়াই আহিছিল ৰতন টাটাই। হিউমেছন অৱ বম্বে নামৰ এটা পেজত ৰতন টাটাই মুকলিভাবে ৰাজহুৱা কৰিছিল নিজৰ প্ৰেম কাহিনী। শৈশৱ-কৈশোৰ আৰু নিজৰ প্ৰেম কাহিনীৰ বিষয়ে প্ৰকাশ কৰিছিল এইগৰাকী মানৱ দৰদী চিৰকুমাৰ ব্যক্তিয়ে। পৰিস্থিতিৰ দাসত পৰি প্ৰথম প্ৰেম বিফল হোৱাৰ পিছত আজীৱন অবিবাহিত হৈয়ে পাৰ কৰিলে এইগৰাকী ৰতন টাটাই। উদ্যোগ প্ৰতিষ্ঠান, বিনিয়োগ আৰু সমাজসেৱাৰ মাজেৰেই নিজৰ জীৱন পাৰ কৰিলে ৰতন টাটাই। এতিয়াও আৰ্তজনৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে বিলাই দিছে এখন সহায়ৰ হাত, অনুভূতিৰ চাপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...