দুটাকৈ নতুন ক’ভিড ভেকচিনলৈ অনুমোদন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

দুটাকৈ নতুন ক’ভিড ভেকচিনলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। মঙলবাৰে অনুমোদন লাভ কৰে বায়’লজিকেল Eৰ ক’ৰ্বিভেক্স আৰু ছিৰাম ইনষ্টিটিউটৰ ক’ভ’ভেক্সে। ইয়াৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জৰুৰীভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এণ্টি ভাইৰেল ড্ৰাগছ মলনুপিৰাভিৰলৈ অনুমোদন জনাইছে।

ক’ৰ্বিভেক্স হ’ল দেশৰ প্ৰথমটো RBD প্ৰটিন ভেকচিন। এই ভেকচিন প্ৰস্তুত কৰিছে হায়দৰাবাদৰ বায়’লজিকেল-ই নামৰ প্ৰতিষ্ঠানটোৱে। আনহাতে পুনেৰ ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰিছে ক’ভ’ভেক্স। ইয়াৰ উপৰি জৰুৰী সময়ত প্ৰাপ্তবয়স্ক ৰোগীৰ ব্যৱহাৰৰ বাবে মলনুপিৰাভিৰ এণ্টি ভাইৰেল ড্ৰাগছ উৎপাদন কৰিব ১৩টাকৈ কোম্পানীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...