২০২৫ত গুৱাহাটীত BWF World Junior Championships

অসমৰ ক্ৰীড়াজগতৰ বাবে আন এক গৌৰৱৰ খবৰ৷ অহা বছৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ৷ চীনত চলি থকা থমাছ আৰু উবেৰ কাপৰ মাজতে আজি বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ এখন সভা অনুষ্ঠিত হয় আৰু গুৱাহাটীৰ আমিনগাঁওস্থিত নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত ২০২৫ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে ভাৰতে দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ সুবিধা লাভ কৰিছে৷ ইয়াৰপূৰ্বে ২০০৮ চনত পুনেত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু ছাইনা নেহৱালে বিশ্ব জুনিয়ৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ লাভ কৰিছিল৷

স্মৰ্তব্য যে যোৱা বছৰ আগষ্টত ভাৰতীয় বেডমিণ্টন সন্থা লগতে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা গুৱাহাটীৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত ১৪ খন বেডমিণ্টন ক’ৰ্ট, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ জিমনেছিয়াম আৰু প্ৰায় চাৰি হেজাৰ দৰ্শকৰ বহাৰ সুবিধা থকা বিশ্ব বেডমিণ্টনৰ অন্যতম শ্ৰেষ্ঠ অত্যাধুনিক ষ্টেডিয়াম৷

‘ভাৰতে বেডমিণ্টনৰ নতুন প্ৰতিভা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ সেয়ে আমি বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ পুনৰ ভাৰতক আয়োজনৰ দায়িত্ব দিয়া হৈছে৷ আনহাতে, নতুনকৈ মুকলি কৰা নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স বেডমিণ্টনৰ বাবে এক অত্যাধুনিক সুবিধা থকা এক ক্ৰীড়াস্থলী৷ আমাৰ পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিভাৰ বাবে এয়া সুবৰ্ণ সুযোগ সেয়ে গুৱাহাটী চহৰক আয়োজক হিচাপে নিশ্চিত কৰা হৈছে৷’ বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সভাপতি পল এৰিক হেয়াৰে এইদৰে ব্যক্ত কৰে৷

উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটীত বি ডব্লিউ এফ ছুপাৰ ১০০ প্ৰতিযোগিতাখনো সফলতাৰে অনুষ্ঠিত হৈছিল যাৰবাবে ভাৰতীয় বেডমিণ্টন সন্থাই জুনিয়ৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখন পুনৰ অসমত আয়োজন কৰাৰ সিদ্ধান্ত লয়৷ ‘যোৱা বছৰে ছুপাৰ ১০০ প্ৰতিযোগিতাৰ সময়ত বি ডব্লিউ এফৰ বিষয়াসকলেও নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সলৈ গৈ সুবিধা আৰু অন্যান্য ব্যৱস্থাসমূহ পৰীক্ষা কৰি উচ্ছ প্ৰশংসা কৰিছিল সেয়ে সৰ্বসন্মতি মৰ্মে আজি বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ স্থান গুৱাহাটী নিশ্চিত কৰা হয়৷’ চীনৰ সভাত উপস্থিত থকা বি এ আইৰ সচিব প্ৰধান সঞ্জয় মিশ্ৰই এইদৰে কয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...