মহানগৰীৰ চিটি চেণ্টাৰ মল আৰু নেহৰু ষ্টেডিয়ামত গুৱাহাটীৰ IPL মেচৰ টিকট কেন্দ্ৰ মুকলি

অহা জুনত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’বলগা টি-২০ বিশ্বকাপ ক্ৰিকেটৰ ভাৰতীয় দলত ৰাজস্থান ৰয়েলছৰ চাৰিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে৷ ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ লগতে অপেনাৰ যশস্বী জয়ছোৱাল, স্পীনাৰ যুজবেন্দ্ৰ চাহাল আৰু পেচ বলাৰ আভেশ খানে [ৰিজাৰ্ভ] বি চি চি আই ঘোষণা কৰা টি-২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ কৰিছে৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলত এতিয়ালৈকে খেলা নখন মেচৰ আঠখনতে জয়লাভ কৰি ১৬ পইণ্টৰে তালিকাৰ শীৰ্ষত আছে৷

এনে এক ইতিবাচক পৰিৱেশৰ মাজতে দলটোৰ চাৰিগৰাকী ক্ৰিকেটাৰে টি-২০ বিশ্বকাপ ক্ৰিকেটৰ ভাৰতীয় দলত স্থান লাভ কৰা সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰে কয় ‘আমি অবিশ্বাস্যভাৱে আনন্দিত আৰু গৌৰৱান্বিত যে আমাৰ চাৰিজনকৈ ক্ৰিকেটাৰে বিশ্বৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ প্ৰতিযোগিতাত জাতীয় দলৰ হৈ খেলাৰ বাবে নিৰ্বাচিত হৈছে৷ আমাৰ অধিনায়ক সঞ্জু চেমছনকে ধৰি টীম ইণ্ডিয়াত স্থান লাভ কৰা চাৰিওজন খেলুৱৈয়ে চলিত আই পি এলত ৰয়েলছৰ হৈ অনবদ্য প্ৰদৰ্শন কৰি উচ্ছতম পৰ্যায়ত নিজৰ যোগ্যতা প্ৰমাণ কৰিছে৷ আমি নিশ্চিত যে তেওঁলোকে বিশ্বকাপতো সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিব৷’

ইফালে, চলিত মাহতে উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীয়ে বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভ কৰা কেবাজনো ক্ৰিকেটাৰৰ খেল গুৱাহাটীত উপভোগ কৰাৰ সুযোগ লাভ কৰিব৷ উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অহা ১৩ মে’ত ৰাজস্থান দল গুৱাহাটীত উপস্থিত হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা দূয়োখন মেচৰ বাবে অনলাইনত বুকমাইশ্ব’ৰ জড়িয়তে টিকট মুকলি কৰাৰ পাছত এতিয়া মহানগৰীৰ দুটাকৈ স্থানত অনুৰাগীক পোনপটীয়াকৈ টিকট সংগ্ৰহ কৰাৰ সুযোগো ৰয়েলছে দিছে৷ মহানগৰীৰ চিটি চেণ্টাৰ মল [দিনৰ দুই বজাৰ পৰা] আৰু নেহৰু ষ্টেডিয়ামত টিকট কেন্দ্ৰ মুকলি কৰা হৈছে যত, অনুৰাগীয়ে অফলাইনত উভয় খেলৰে টিকট ক্ৰয় কৰিব পাৰিব৷ অনলাইনত অসুবিধা পোৱা সকলে এই দুটা কেন্দ্ৰত আজিৰে পৰা টিকট সংগ্ৰহ কৰিব পাৰিব৷ বিপৰীতে, পূৰ্বৰ দৰেই বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈয়ো টিকট ক্ৰয় কৰিব পাৰিব৷ লিংকটো হ’ল ঃ https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...