মহানগৰীত “ন’ ফ্লাই আৰু ন’ ক্ৰেকাৰ জ’ন” ঘোষণা জিলা দণ্ডাধীশৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৬ আৰু ১৭ এপ্ৰিলৰ প্ৰস্তাৱিত ভ্ৰমণসূচী উপলক্ষে কামৰূপ মহানগৰ জিলাৰ কিছু নিৰ্দিষ্ট পথত “ন’ ফ্লাই জ’ন আৰু ন’ ক্ৰেকাৰ জ’ন” হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলাৰ জিলা দণ্ডাধীশ সুমিত ছাত্তাৱনে। এক নিৰ্দেশ যোগে জিলা দণ্ডাধীশ গৰাকীয়ে সদৰি কৰা মতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা জালুকবাৰী-মালিগাঁও-ভৰলুমুখ-পাণবজাৰ- জিএছ ৰোড- ছয়মাইল হৈ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰলৈ এই সমগ্ৰ পথছোৱাত উক্ত ব্যৱস্থা বাহাল থাকিব। আনহাতে, উল্লেখিত পথসমূহৰ লগতে কইনাধৰা অতিথিশালা এলেকাত দ্ৰোণ উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...