মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং

মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং। পৃথক পৃথক স্থানৰ পৰা গ্ৰেপ্তাৰ চোৰৰ দলৰ একাধিক সদস্যক। প্ৰথমে মেঘালয়ৰ জোৱাইৰ পৰা ভঙাগড় আৰক্ষীয়ে কৰায়ত্ত কৰে ২টা চোৰক। খেদি খেদি এই চোৰ দুটাক কৰায়ত্ত কৰে ভঙাগড় আৰক্ষীয়ে । লগতে আৰক্ষীয়ে জব্দ কৰে এখন চুৰি গাড়ী। ABC ৰ এজন ব্যৱসায়ীৰ বলেৰ’ পিক আপ চুৰি কৰি লৈ গৈছিল শ্বিলং অভিমুখে। চুৰি হোৱা বলেৰ’ পিক আপ গাড়ীখনত লগোৱা আছিল GPS। GPSৰ সহায় লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰকেইটাক । গ্ৰেপ্তাৰ হোৱা চোৰ কেইটাৰ নাম আজিজুল আলী, জনিনুদ্দিন আলী। ধৃত চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজাৰাৰ পৰা আন দুটা চোৰক গ্ৰেপ্তাৰ। আজাৰাত গ্ৰেপ্তাৰ আমিৰ আলী আৰু ৰাজাক আলী নামৰ চোৰ দুটা। লগতে আজাৰাৰ পৰা জব্দ কৰে এখন আৰ্তিকা গাড়ী। গাড়ী চোৰৰ গেংটোৰ বিৰুদ্ধে মহানগৰীৰ কেইবাখনো থানাত আছে গোচৰ। ফটাশিল আমবাৰী থানাই গ্ৰেপ্তাৰ কৰে আন ৪ টা বাইক চোৰক। ধৃত ৰেকিবুল হুছেইন, চামহেদ আলী, জাকিৰ হুছেইন, বিপাল হুছেইন। বাইক চুৰি গেঙটোৱে মহানগৰীৰ পৰা কেইবাখনো বাইক চুৰি কৰি বিক্ৰী কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...