দীপান্বিতাৰ সময়ত অগ্নিকাণ্ডৰ খবৰ দিবলৈ ফোন কৰক এই নম্বৰত

দীপান্বিতাৰ সময়ত সংঘটিত হ’ব পৰা সম্ভাব্য অগ্নিকাণ্ড বা তেনেধৰণৰ দুৰ্ঘটনাৰ সময়ত তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ বিশেষ ব্যৱস্থা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ দীপাৱলীৰ সময়ত সংঘটিত হ’ব পৰা অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰিবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দুটাকৈ ফোন নম্বৰ ৰাইজৰ বাবে মুকলি কৰিছে৷ নম্বৰ দুটা হৈছে ৯৩৬৫৪২৯৩১৪ আৰু ১০৭৭ (টোল ফ্ৰি)৷ দীপাৱলীৰ সময়ত জিলা দুৰ্যোগ নিয়ন্ত্ৰণ কেন্দ্ৰ সক্ৰিয় থাকিব আৰু ৰাইজৰ পৰা অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী, স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াক অৱগত কৰিব৷ ইয়াৰোপৰি অগ্নিকাণ্ডৰ খবৰ ৰাইজে অগ্নি নিৰ্বাপক কেন্দ্ৰৰ নম্বৰ ০৩৬১-২৭৩৭৬৮০ তো দিব পাৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...