দীপান্বিতাৰ সময়ত অগ্নিকাণ্ডৰ খবৰ দিবলৈ ফোন কৰক এই নম্বৰত

দীপান্বিতাৰ সময়ত সংঘটিত হ’ব পৰা সম্ভাব্য অগ্নিকাণ্ড বা তেনেধৰণৰ দুৰ্ঘটনাৰ সময়ত তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ বিশেষ ব্যৱস্থা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ দীপাৱলীৰ সময়ত সংঘটিত হ’ব পৰা অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰিবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দুটাকৈ ফোন নম্বৰ ৰাইজৰ বাবে মুকলি কৰিছে৷ নম্বৰ দুটা হৈছে ৯৩৬৫৪২৯৩১৪ আৰু ১০৭৭ (টোল ফ্ৰি)৷ দীপাৱলীৰ সময়ত জিলা দুৰ্যোগ নিয়ন্ত্ৰণ কেন্দ্ৰ সক্ৰিয় থাকিব আৰু ৰাইজৰ পৰা অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী, স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াক অৱগত কৰিব৷ ইয়াৰোপৰি অগ্নিকাণ্ডৰ খবৰ ৰাইজে অগ্নি নিৰ্বাপক কেন্দ্ৰৰ নম্বৰ ০৩৬১-২৭৩৭৬৮০ তো দিব পাৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...