সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰীৰ গণ আলোড়ন

প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে ৰাজ্যত কৰ্মচাৰীৰ বিদ্ৰোহ
সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰীৰ গণ আলোড়ন
হাজাৰ হাজাৰ এন.পি.এছ কৰ্মচাৰীৰ গৰ্জনত কঁপিল গুৱাহাটী
পুৰণি পেঞ্চন নীতি বাহল ৰখাৰ দাবীত উত্তাল প্ৰতিবাদ
অন্যথা ’২৪ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত দীৰ্ঘদিনে প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ প্ৰায় ৪ লাখ এন.পি.এছ কৰ্মচাৰীয়ে। কিন্তু ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে এন.পি.এছ কৰ্মচাৰীসকলৰ দাবীলৈ গুৰুত্ব নিদিয়াত বুধবাৰে সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সংন্থাৰ উদ্যোগত মহানগৰীৰ বৰাগাঁৱত ৰূপায়ন কৰে গণ আলোড়নৰ কাৰ্যসূচী। এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা হাজাৰ হাজাৰ এন.পি.এছ কৰ্মচাৰীয়ে। গণ আলোড়নৰ মঞ্চৰ পৰাই প্ৰতিবাদী চৰকাৰী কৰ্মচাৰীসকলৰ দাবী শীঘ্ৰেই প্ৰৱৰ্তন কৰক পুৰণি পেঞ্চন ব্যৱস্থা। এই বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন বাহাল সংযুক্ত মৰ্চাৰ সভাপতি বি.পি. সিং ৰাৱত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। প্ৰতিবাদত অংশ লৈ বি.পি. সিং ৰাৱতৰ হুংকাৰ শীঘ্ৰে এন.পি.এছ কৰ্মচাৰীৰ দাবী মানি নল’লে ২০২৪ ৰ লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি চৰকাৰ। ৰাম ৰাজ্যৰ কথা কোৱা প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয় এৰি ৰাজপথলৈ আহিব লগীয়া হোৱাটো পৰিতাপৰ কথা বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন বাহাল সংযুক্ত মৰ্চাৰ সভাপতিজনৰ দাবী আগন্তুক বাজেট অধিৱেশনতে এই ক্ষেত্ৰত লওক নিৰ্ণায়ক সিদ্ধান্ত অনথ্যা ইয়াতকৈ তীব্ৰতৰ হ’ব আন্দোলন। সমাগত লোকসভাৰ নিৰ্বাচন, তাৰপূৰ্বে এন.পি.এছ কৰ্মচাৰীৰ এই যুদ্ধংদেহি স্থিতিৰ সন্দৰ্ভত কি হ’ব চৰকাৰৰ সিদ্ধান্ত তাৰ ওপৰতে নিৰ্ভৰ কৰিব লাখ লাখ কৰ্মচাৰীৰ ভৱিষ্যত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...