সাৱধান! আপোনাৰ লগতো ঘটিব পাৰে এনে ঘটনা

আপুনিও হওক সাৱধান! এইবাৰ চৰকাৰী হাস্পতালত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জন্মৰ পিছতে নৱজাতক সালসলনি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে এখন হাস্পতালৰ বিৰুদ্ধে। বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পিছতে চিকিত্সালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ল’ৰা সন্তানৰ ঠাইত কন্যা সন্তান সলনি কৰাৰ অভিযোগ উঠিছে হাস্পতালখনৰ বিৰুদ্ধে।
উল্লেখ্য যে মঙলবাৰে চিকিৎসালয়খনত জন্ম হৈছিল এটি সন্তান।
জন্মৰ পিছতে পৰিয়ালক ল’ৰা সন্তান বুলি জনাইছিল আশাকৰ্মীয়ে। কিন্তু তাৰ বিপৰীতে চিকিৎসালয় কৰ্তৃপক্ষই কন্যা সন্তান হোৱা বুলি জনায় পৰিয়ালক। এই ঘটনাক লৈ এতিয়া চিকিত্সালয়খনত সৃষ্টি হৈছে বিভ্ৰান্তিৰ।

আনফালে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ সঞ্জীৱ সৰকাৰে জানিবলৈ দিয়ে যে মঙলবাৰে ডুমুনীৰ এগৰাকী প্ৰসূতি প্ৰসৱৰ বাবে চিকিৎসালয়খনত ভৰ্তি হয়৷ ইয়াৰ পাছতে আবেলি ৩:২১ বজাত এটি কন্যা সন্তান জন্ম দিয়ে প্ৰসূতিগৰাকীয়৷ কিন্তু আশাকৰ্মীয়ে পৰিয়ালক ল’ৰা সন্তান হোৱা বুলি ফোনযোগে অৱগত কৰে৷ অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা চিকিৎসালয়ত কোনো লিখিত অভিযোগ নোপোৱা বুলি সংবাদ মাধ্যমক জনায়৷

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...