অংগনৱাড়ী, আশা কৰ্মী, আত্মসহায়ক গোটৰ সদস্যা, ANM, শিপিনী, গাহৰি, মুৰ্গীপালকলৈ ‘অসম গৌৰৱ’ সন্মান

প্ৰণৱ চেতিয়া

আপোনাক অনুপ্ৰাণিত কৰিব পৰা একো একোটা জীৱন্ত কাহিনী। অংগনৱাড়ী, আশা কৰ্মী, আত্মসহায়ক গোটৰ সদস্যা, ANM, শিপিনী, গাহৰি আৰু মুৰ্গীপালক, পৰিৱেশবিদ, কৃষি ব্যৱসায়ীলৈ অসম গৌৰৱ সন্মান। আটাইকেইজন বঁটাপ্ৰাপকৰ জীৱনৰ সংগ্ৰামৰ কাহিনী জানো আহক।

আশাকৰ্মী, অংগনৱাড়ী কৰ্মীৰ পৰা কৃষি বিপ্লৱৰ সূচনা কৰা ব্যক্তিলৈ প্ৰতিজনেই নিজৰ নিজৰ ক্ষেত্ৰত সুকীয়া পৰিচয় বহন কৰিছে। স্বগৰিমাৰে মহিমামণ্ডিত এইসকল ব্যক্তিলৈ অসম চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ সন্মান।

কল্পনা বড়ো এগৰাকী অংগনৱাড়ী কৰ্মী। ওদালগুৰিৰ ৰৌতাৰ ভালুকমাৰিৰ বালিছিঙাগাঁৱত ঘৰ মহিলাগৰাকীৰ। শিশুৰ পুষ্টিসাধন, পৰিষ্কাৰ সমাজ গঢ়াৰ লগতে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ সাফল্যৰ বাবে অসম চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ সন্মান।

আশা কৰ্মী বৰ্ণিতা মমিনলৈ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ। এতিয়াও একাংশ গাঁৱত ভেকচিনক লৈ আতংকিত হৈ আছে। ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ উৰাবাতৰিত ভোল গৈ একাংশই এইগৰাকী মহিলাক জৰিমনাও বিহিছিল। সমাজলৈ বাধালৈ আওকাণ কৰি নিৰলস প্ৰচেষ্টাৰে গাৰো সম্প্ৰদায়ৰ লোকসকলক ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছিল। শোণিতপুৰ জিলাৰ ছয়দুৱাৰৰ চেঙেলিমাৰী ফুলগুৰিত ঘৰ এইগৰাকী অদমনীয় মহিলাৰ। হৰ ঘৰ দস্তক অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে স্বীকৃতি।

আত্মসহায়ক গোটৰ সদস্যা, মহিলা উদ্যোগী ববী হাজৰিকালৈ অসম চৰকাৰৰ অসম গৌৰৱ সন্মান। মাৰ্ঘেৰিটাৰ নিবাসী ববী হাজৰিকাই মিলিজুলি নামৰ এটা আত্মসহায়ক গোটৰ উদ্যোগ লৈ আত্মসংস্থাপনৰ প্ৰয়াস কৰি আহিছে। লকডাউনৰ সময়ত চৰকাৰী কাৰ্যালয়লৈ দুপৰীয়াৰ আহাৰ পেকেটিং কৰি যোগান ধৰি অৰ্থ উপাৰ্জনৰ বাট মুকলি কৰিছিল। তাৰোপৰি লাডু আৰু পিঠা বনাই সুলভ মূল্যত অসমৰ বজাৰত বিক্ৰী কৰি আহিছে।

ডাঃ আছিফ ইকবাল এগৰাকী জ্যেষ্ঠ চিকিত্সক। প্ৰথমবাৰলৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বন মেৰু বা ষ্টেম চেন ট্ৰেঞ্চপ্লাণ্ট চাৰ্জাৰী কৰিছিল ইকবালে। ব্যক্তিগত হাস্পতালৰ মোটা অংকৰ ধনলৈ লালসা নকৰি চৰকাৰী খণ্ডৰ হাস্পতালত দৰিদ্ৰ ৰোগীলৈ আগবঢ়োৱা অৱদানৰ বাবে স্বীকৃতি প্ৰদান কৰিছে চৰকাৰে।

কৌশিক বৰুৱাই অসমৰ উত্পাদিত সামগ্ৰীক বিদেশৰ বজাৰলৈ ৰপ্তানি কৰি আহিছে। থলুৱা সামগ্ৰীক বিশ্বমুখী গতি প্ৰদান কৰিছে এইগৰাকী কৃষি ব্যৱসায়ীয়ে। অসমৰ ভোট জলকীয়া, উৰহী নেমু, মাটিকঁঠাল, লেটেকু আৰু কঁঠাল তথা তামোল-পাণ আৰু পাচলিক বিদেশলৈ ৰপ্তানি কৰি আহিছে কৌশিক বৰুৱাই।

কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা ৰোধৰ বাবে আগবঢ়োৱা অৱদানলৈ স্বীকৃতি। পৰিৱেশবিদ, বন সংৰক্ষক তথা সমাজ হিতৈষী ধৰণীধৰ বড়োলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ সন্মান। ২০০৮ চনত চিএনএন আইবিএনে ৰিয়েল হিৰো বঁটাও প্ৰদান কৰিছিল ধৰণীধৰ বড়োক।

ANM নাৰ্ছ নমিতা কলিতাক সন্মানিত কৰা হব অসম গৌৰৱ সন্মানেৰে। এইগৰাকী নাৰ্ছে প্ৰায় ১ লাখ লোকক প্ৰদান কৰিছে ভেকচিন। গুৱাহাটীৰ নিবাসী নাৰ্ছগৰাকীয়ে ক’ভিডৰ সময়ত আজাৰা অঞ্চলত সেৱা প্ৰদানৰ লগতে GMCHৰ কভিড বিৰোধী যুঁজলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল নমিতা কলিতাই।

শিপিনী হেমপ্ৰভা চূতীয়াৰ কথা বহুতৰে জ্ঞাত। এইগৰাকী মহিলাই গুণমালা আৰু নামঘোষাক তুলি ধৰিছিল বয়ন শিল্পত। গুৰু দুজনাৰ অমৰ সৃষ্টিক তাঁতশালত বৈ উলিয়াই আন এক মাত্ৰা প্ৰদান কৰিছিল। ভাগৱত গীতাৰ ইংৰাজী সংস্কৰণো তাঁতশালত তুলি ধৰিছিল হেমপ্ৰভা চুতীয়াই।

পৰ্বতাৰোহী খৰছিং টেৰাঙলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ সন্মান। ২০১৬ চনত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল টেৰাঙে। হিমালয় পৰ্বতৰ লগতে কেইবাটাও পৰ্বতাৰোহী অভিযানত অংশ লৈছে টেৰাঙে।

মুৰ্গীপালক তথা ব্যৱসায়ী আকাশজ্যোতি গগৈলৈ অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ। বাহুবলী নামেৰে ব্ৰেণ্ড গঠন কৰি কণী বিক্ৰী কৰি আহিছে গগৈয়ে। ইয়াৰ অধীনত দৈনিক ৫০ হাজাৰ কণী উত্পাদন কৰি ৰাজ্যৰ বজাৰত বিক্ৰী কৰি আহিছে। যোৰহাটৰ কৃষিভিত্তিক ব্যৱসায়িক প্ৰতিষ্ঠান নৰ্থ ইষ্ট এগ্ৰ প্ৰডাক্টছ এণ্ড ছাৰ্ভিছেচৰ স্বত্ত্বাধিকাৰী আকাশজ্যোতি গগৈ।

GMCHৰ অভিজ্ঞ চিকিত্সক ডাঃ বসন্ত হাজৰিকালৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। কভিডৰ প্ৰথম ঢৌৰ সময়ত নডেল বিষয়াৰূপে অনবদ্য সেৱা আগবঢ়াইছিল চিকিত্সকগৰাকীয়ে। একেলগে ৩ হাজাৰ জটিল তথা গুৰুতৰভাবে অসুস্থ ৰোগীক আৰোগ্য কৰাত অৰিহণা যোগাইছিল। তাৰোপৰি চিকিত্সক আৰু স্বাস্থ্য কৰ্মীৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছিল।

মনোজ কুমাৰ বসুমতাৰী এগৰাকী গাহৰি পালক, বিক্ৰেতা তথা উদ্যোগী। শোণিতপুৰৰ ঘোঁৰামাৰীৰ ঢেকীদলত ঘৰ বসুমতাৰীৰ। ছিম্বায়টিক ফুডছ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্ত্বাধিকাৰী বসুমতাৰীয়ে ৩০জনক পোনপটীয়াভাবে আৰু ১০০জনক পৰোক্ষভাবে সংস্থাপনৰ সুযোগ দিছে। নেদাৰলেণ্ড আৰু বেলজিয়ামত গাহৰি পালনৰ উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে মনোজ কুমাৰ বসুমতাৰীয়ে। আন আন ক্ষুদ্ৰ গাহৰি পালককো সহায় কৰি আহিছে বসুমতাৰীয়ে।

মুনীন্দ্ৰ নাথ নাটেলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ অসম গৌৰৱ সন্মান। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক নাটে গুৱাহাটীৰ হেঙেৰাবাৰীৰ নিবাসী। দ্ৰুতগতিত ভেক্সিনেচন আৰু অসমজুৰি ১০০ শতাংশ ভেকচিন প্ৰদানৰ বাবে বিশেষ অৰিহণা যোগাই আহিছে। নিজৰ লগতে সমাজৰ হিতৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে এইসকল ব্যক্তিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...