APSCৰ অনিয়মৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপ

অসম চৰকাৰে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ ACS, APS আৰু অন্যান্য সেৱাৰ বাবে নির্বাচিত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে। ন্যায়াধীশ বি কে শর্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে চৰকাৰে এই উদ্যোগ গ্রহণ কৰিছে। সমগ্র বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই কঠোৰ স্থিতি লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে। একেদৰে ২০১৫ বৰ্ষৰ ১২ মে’ত ফলাফল ঘোষণা কৰা APSCৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ টেবুলেশন শীটত নম্বৰৰ বিসংগতিত নাম সাঙোৰ খোৱা বিষয়াৰ বিৰুদ্ধেও আয়োগৰ প্ৰতিবেদন মর্মে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে। উল্লেখ্য যে, ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত ইতিমধ্যে ৫৭ জন ACS, APS আৰু অন্যান্য সেৱাৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...