ক্ষুদ্ৰ চাহ বাগিচাসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব চৰকাৰে

ডিব্ৰুগড় জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সৈতে বৈঠকত মিলিত হৈ ক্ষুদ্ৰ চাহ বাগিচাসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰা সন্দৰ্ভত আলোচনা

মন্ত্ৰীসভাৰ বৈঠকৰ বাবে ডিব্ৰুগড়ত উপস্থিত থকা অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় চহৰৰ বিভিন্ন এলেকা ভ্ৰমণ কৰি “অম্ৰুট”ৰ অধীনত চহৰখনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ আৰু পানীৰ টেংকীসমূহ পৰিদৰ্শন কৰে। ২০২৩ চনৰ ভিতৰতে ডিব্ৰুগড় নগৰবাসী ৰাইজক ঘৰুৱা সংযোগৰ সৈতে উপযুক্ত আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দিশত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষীপ্ৰতাৰে কাম-কাজ অব্যাহত ৰাখিবলৈ তেওঁ সংশ্লিষ্ট বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে ডিব্ৰুগড়ৰ পৌৰপতি ড° শৈকেট পাত্ৰও উপস্থিত আছিল।

ইয়াৰ পাছতে মন্ত্ৰী সিংহলে ডিব্ৰুগড় পৌৰসভাৰ সদস্যসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ অগ্ৰগতিৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিষয়ে আজিৰ এই বৈঠকত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত পৌৰপতিগৰাকীৰ লগতে অন্যান্য পাৰিষদসকলো উপস্থিত আছিল।

আনহাতে, মন্ত্ৰী সিংহলে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সৈতেও এক বিশেষ বৈঠকত মিলিত হয়। খৰাং বতৰত ক্ষুদ্ৰ চাহ বাগিচাসমূহত কেনেদৰে পৰ্য্যাপ্ত পৰিমাণৰ পানী যোগান ধৰিব পাৰি তাৰ বিষয়ে আজিৰ বৈঠকত বিশদভাৱে আলোচনা কৰা হয়। অনাগত দিনত প্ৰতিখন বাগিচাতে উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে জলসিঞ্চন বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি বৈঠকত মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলক আশ্বাস প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...