ইউক্ৰেইনৰ পৰা পঢ়া আধাতে সামৰি ঘূৰি অহা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ

ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আধৰুৱা কৰি প্ৰত্যাৱৰ্তন কৰা বিদেশী ছাত্ৰ-ছাত্ৰীসকলক ৰাছিয়াৰ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ দিয়া হ’ব। ৰাছিয়াৰ লগতে ক্ৰিমিয়াৰ একাংশ চিকিৎসা বিশ্ববিদ্যালয়ত নামভৰ্তিৰে পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰিব এইসকল ছাত্ৰ-ছাত্ৰীয়ে। যুদ্ধৰ বাবে ইউক্ৰেইন ত্যাগ কৰা বিদেশী ছাত্ৰ-ছাত্ৰীসকললৈ এই সুযোগ আগবঢ়াইছে ৰাছিয়াই। কোনো অতিৰিক্ত ব্যয় আৰু প্ৰৱেশ পৰীক্ষা অবিহনে ৰাছিয়াৰ চিকিৎসা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ পাব এই ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ পূৰ্বে ইউক্ৰেইন ত্যাগ কৰা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক অনুৰূপ সুযোগ আগবঢ়াইছিল কাজাখস্তান, জৰ্জিয়া, আৰ্মেনিয়া, বেলাৰুছ আৰু পোলেণ্ডেও। উল্লেখ্য যে ৰাছিয়াৰ আক্ৰমণৰ পিছতে প্ৰায় ১৮ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক স্বদেশলৈ ওভতাই অনা হয় যদিও ১৪০ জন ছাত্ৰ-ছাত্ৰীয়ে ভাৰতলৈ অহাৰ পৰিৱৰ্তে ইউক্ৰেইনৰ প্ৰতিবেশী ৰাষ্ট্ৰ মালড’ভাত আশ্ৰয় লৈছিল। একাংশই ইতিমধ্যে মালড’ভাৰ চৰকাৰী চিকিৎসা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...