জামুগুৰিহাটৰ ধলাইবিলত বুধবাৰে উত্তপ্ত পৰিস্থিতি

বুধবাৰে দিন দুপৰতে জামুগুৰিহাটৰ ধলাইবিলত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি। ছাগলী চুৰি কৰি থাকোঁতে স্থানীয় ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিলে ৪ জন যুৱকক। যুৱককেইজনক গছত বান্ধি উত্তম মধ্যমো শোধালে ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। বিগত বহুদিন ধৰি জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত ছাগলী চোৰে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। বুধবাৰে উত্তেজিত ৰাইজক ছত্ৰভংগ দিয়াবলৈ অৱশেষত শূণ্যলৈ গুলীচালনা কৰিবলগীয়া হয় আৰক্ষীয়ে।

ছাগলী চোৰ
৪ টা মোনা, ৪ জন যুৱক
এটা ছাগলী, এজাক উন্মত্ত মানুহ

জামুগুৰিহাটৰ ধলাইবিলত বুধবাৰে দিন দুপৰতে উত্তপ্ত পৰিস্থিতি। কোনেও কাৰো কথা নুশুনে, কাৰো কথা নামানে। কোনোবাই মোনা কেইটা পৰীক্ষা কৰিছে। কোনোবাই হেলমেটকে ভাঙিছে। মুঠৰ ওপৰত ৰাইজ গৰম।

এজোপা গছত বান্ধি থোৱা হৈছে ৪ জন যুৱকক
দম দিছে, টানিছে, পিটিছে…
সেই সময়তে ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী
আৰক্ষী অহাৰ লগে লগে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি

ঘটনা আৰম্ভ হৈছিল পুৱা ১০ মান বজাতে। চাৰিখন বাইকত অহা ৪ জন যুৱকে মোনাত ভৰাই ল’লে এটা ছাগলী। আটাইকেইজন যুৱকৰ সৈতে আছিল একোখনকৈ মোনা। মোনাত ছাগলী ভৰাই থাকোঁতেই ৰাইজে হাতে-লোটে ধৰিলে ৪ যুৱকক। তাৰ পিছতে জামুগুৰিহাটৰ ধলাইবিলত এই পৰিস্থিতি।

বহুদিন ধৰি জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত ছাগলী চোৰে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। কিন্তু আৰক্ষী নিৰ্বিকাৰ। কোনো এবাৰেই অভিযুক্তক আটক কৰিব নোৱাৰিলে আৰক্ষীয়ে। সেয়ে বুধবাৰে পুৱা ধলাইবিলত সংঘটিত ঘটনাৰ সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। ৪ অভিযুক্তক আৰক্ষীয়ে আটক কৰাৰ পিছত আৰক্ষীৰ বাহনলৈ চোঁচা উত্তেজিত ৰাইজৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈও গুলীচালনা কৰিবলগা হয় আৰক্ষীয়ে। ৪ অভিযুক্ত ৰাফিকুল ইছলাম, হুছেইন আলী ,আব্দুল খালেক আৰু হজৰত আলীক থানালৈ নিয়ে আৰক্ষীয়ে। যুৱককেইজনে ব্যৱহাৰ কৰা বাইক চাৰিখনো জব্দ কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...