অগণন কৃষকে অব্যাহত ৰাখিছে ‘দিল্লী চলো’ যাত্ৰা

অব্যাহত দিল্লীমুখী কৃষকৰ প্ৰতিবাদ

অগণন কৃষকে অব্যাহত ৰাখিছে ‘দিল্লী চলো’ যাত্ৰা

দিল্লীৰ ছাম্ভু সীমান্তত কৃষকক ছত্রভংগ দিয়াবলৈ কন্দুৱা গেছ প্রয়োগ

১০ প্ৰতিবাদী কৃষক আহত, চিকিৎসাধীন 

ড্রোনৰ জৰিয়তে আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ

ক্রমাৎ তীব্রতৰ হৈ উঠিছে পঞ্জাব–হাৰিয়ানা–উত্তৰ প্ৰদেশৰ কৃষকৰ দিল্লীমুখী যাত্ৰা। ৰাজধানী দিল্লীৰ আটাইকেইখন প্ৰৱেশদ্বাৰত ইতিমধ্যে আৰক্ষীয়ে নিৰাপত্তা বেহু অধিক কটকটীয়া কৰি তুলিছে। ছাম্ভু সীমান্তদি দিল্লীত প্রৱেশ কৰিব বিচৰা পঞ্জাবৰ প্ৰতিবাদী কৃষকক আৰক্ষীয়ে বাধা দিয়াত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। কৃষকসকলক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰে। কন্দুৱা গেছৰ কিছু চেল আৰক্ষীয়ে ড্রোনৰ জৰিয়তে প্ৰয়োগ কৰিছিল। আৰক্ষীৰ ড্ৰোন আক্রমণক বাধা দিবলৈ প্রতিবাদকাৰীসকলে সীমান্তত অসংখ্য চিলা উৰুওৱা পৰিলক্ষিত হয়।

দিল্লীলৈ অহা কেইবাটাও পথত যাতায়াত ব্যাহত

হাৰিয়ানাৰ পৰা দিল্লীলৈ থকা ছিংঘু-টিক্রী সীমান্তত কটকটীয়া নিৰাপত্তা

উত্তৰ প্ৰদেশৰ পৰা দিল্লীত সোমোৱা ঘাজিপুৰ প্ৰৱেশ পথত সষ্টম আৰক্ষী

ইফালে দিল্লীত প্রৱেশ কৰিবলৈ বিচৰা কৃষকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে। পঞ্জাব–হাৰিয়ানাৰ পৰা ট্রেক্টৰসহ কৃষকে যাতে ৰাজধানীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত লক্ষ্য ৰাখিছে দিল্লী আৰক্ষীয়ে। আৰক্ষীয়ে গঢ়ি তুলিছে সুদৃঢ় নিৰাপত্তা বেষ্টনী। 

১৬ ফেব্রুৱাৰীত ভাৰত বন্ধৰ আহ্বান ভাৰত কিষাণ ইউনিয়নৰ

দাবী নামানিলে বৃহৎ আন্দোলনৰ হুমকি কৃষক নেতা ৰাকেশ টিকাইতৰ

লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে কৃষক বিদ্রোহ। এই কৃষক বিদ্রোহে আগন্তুক নিৰ্বাচনত প্রভাৱ পেলাব পাৰে বুলি বিশ্লেষকসকলে মতপ্রকাশ কৰিছে। বিশেষকৈ হিন্দী বলয়ৰ ৩খন প্রধান ৰাজ্য পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ লগতে এই আন্দোলনত শেহতীয়াকৈ তামিলনাডুৰ কৃষকেও অংশগ্রহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...