শিহৰণকাৰী! মাতৃৰ সন্মুখতে যুৱতীক ডিঙি ৰেপি হত্যা

প্ৰেম প্ৰত্যাখ্যানৰ বৰ্বৰ-নৃশংস-ভয়ংকৰ পৰিণতি! গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীক নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকে। মাতৃৰ সন্মুখতে যুৱতীগৰাকীক ডিঙি ৰেপি হত্যা সঞ্জয় লালুং নামৰ এজন উদণ্ড যুৱকৰ। গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত আমচিঙত সংঘটিত হৈছে এই অতি নৃশংস-ভয়ংকৰ-বৰ্বৰ কাণ্ড।

কম্বল, বাল্টিকে ধৰি কিছু সামগ্ৰী ক্ৰয়ৰ বাবে মাতৃৰ সৈতে বজাৰলৈ গৈ আছিল মৰমী তাঁতী নামৰ কলেজীয়া ছাত্ৰীগৰাকী। তেনে সময়তে বাট আগচি ধৰি গাড়ীৰ পৰা টানি আনি যুৱতীগৰাকীক ডিঙি ৰেপি হত্যা কৰে সঞ্জয় লালুঙে।

হত্যাকাণ্ড সংঘটিত কৰি পলায়নৰ চেষ্টা হত্যাকাৰী সঞ্জয় লালুঙৰ। AS01-EJ-7212 নম্বৰৰ গাড়ীত মৃতদেহ লৈ পলায়নৰ চেষ্টা চলায় সঞ্জয়ে। গাড়ীৰ তেল শেষ হোৱাত গাড়ীতে মৃতদেহ এৰি পলায়ন কৰে যদিও পিছত সঞ্জয়ক কৰায়ত্ত কৰিবলৈ সক্ষম হয় সাতগাঁও আৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...