শংকিত হৈ পৰিছে বাগিচা জনজীৱনৰ অবিচ্ছেদ্য অংগ জল্‌হা সম্প্ৰদায়ৰ লোকসকল, কিয়?

ব্ৰিটিছৰ শাসনকালতে বহিঃৰাজ্যৰ পৰা অন্যান্য সম্প্ৰদায়ৰ লোকসকলৰ দৰেই চাহ বাগিচাত কাম কৰিবলৈ শ্ৰমিক হিচাপে লৈ আনিছিল জল্‌হা সম্প্ৰদায়ৰ ইছলাম ধৰ্মী লোকসকলক। জনজাতিৰ মৰ্যাদা নাপালেও অসমৰ চাহ বাগিচাৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক আছে জল্‌হা সম্প্ৰদায়ৰ লোকসকলৰ। ব্ৰিটিছৰ শাসন কালৰে পৰা বাগিচা জনজীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰা জল্‌হাসকলে এতিয়াও নিজা পৰিচয় বিচাৰি খাবলগীয়া হৈছে হাবাথুৰি। কিয়নো শেহতীয়াকৈ কাজিৰঙাৰ কহঁৰা আটছাৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন সভাত মূলসুঁতিৰ চাহ জনগোষ্ঠীয় সংগঠনসমূহেও জল্‌হা সম্প্ৰদায়টোক বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে দুটাকৈ সংগঠন অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদ, চাহশ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জল্‌হা জাতি সন্মিলনী অসমে।

ভৱিষ্যতৰ দিনত জল্‌হা সম্প্ৰদায়ৰ লোকসকলে জাতিগত প্ৰমাণপত্ৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ আশংকা দেখি ১৯ ডিচেম্বৰত তিতাবৰৰ মেলামাটিত অনুষ্ঠিত কৰিবলৈ ওলাইছে জল্‌হা সম্প্ৰদায়ৰ ৰাজ্যিক ভিত্তিত বিশেষ আলোচনা সভাৰ।

এই কথা সংবাদমেলযোগে সদৰী কৰে দুয়োটা সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দই। উক্ত সংবাদমেলত উপস্থিত থাকে অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ইউনুচ হুছেইন, সাধাৰণ সম্পাদক জিতু আহমেদ, চাহশ্ৰমিক আৰু প্ৰাক্তন চাহশ্ৰমিক জল্‌হা জাতি সন্মিলনী,অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হবিবুৰ ৰহমান, কাৰ্যকৰী সভাপতি আজিজুল হুছেইন,জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সভাপতি আৰফান আলী, বিশেষ আলোচনা সভাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আনুৱাৰ আলী, জল্‌হা সম্প্ৰদায়ৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰফিক আলীৰ লগতে যোৰহাট আৰু গোলাঘাট জিলাৰ বিষয়ববীয়াসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...