শিহৰণকাৰী! মাতৃৰ সন্মুখতে যুৱতীক ডিঙি ৰেপি হত্যা

প্ৰেম প্ৰত্যাখ্যানৰ বৰ্বৰ-নৃশংস-ভয়ংকৰ পৰিণতি! গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীক নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকে। মাতৃৰ সন্মুখতে যুৱতীগৰাকীক ডিঙি ৰেপি হত্যা সঞ্জয় লালুং নামৰ এজন উদণ্ড যুৱকৰ। গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত আমচিঙত সংঘটিত হৈছে এই অতি নৃশংস-ভয়ংকৰ-বৰ্বৰ কাণ্ড।

কম্বল, বাল্টিকে ধৰি কিছু সামগ্ৰী ক্ৰয়ৰ বাবে মাতৃৰ সৈতে বজাৰলৈ গৈ আছিল মৰমী তাঁতী নামৰ কলেজীয়া ছাত্ৰীগৰাকী। তেনে সময়তে বাট আগচি ধৰি গাড়ীৰ পৰা টানি আনি যুৱতীগৰাকীক ডিঙি ৰেপি হত্যা কৰে সঞ্জয় লালুঙে।

হত্যাকাণ্ড সংঘটিত কৰি পলায়নৰ চেষ্টা হত্যাকাৰী সঞ্জয় লালুঙৰ। AS01-EJ-7212 নম্বৰৰ গাড়ীত মৃতদেহ লৈ পলায়নৰ চেষ্টা চলায় সঞ্জয়ে। গাড়ীৰ তেল শেষ হোৱাত গাড়ীতে মৃতদেহ এৰি পলায়ন কৰে যদিও পিছত সঞ্জয়ক কৰায়ত্ত কৰিবলৈ সক্ষম হয় সাতগাঁও আৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বাদ পৰিল সঞ্জু ছেমচন, স্থান পালে ১৫ বছৰীয়া ‘অৰেঞ্জ কেপ’ বিজয়ী বৈভৱে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া আগন্তুক...

অযোধ্যাৰ ৰাম মন্দিৰত ধন আত্মসাতৰ অভিযোগ: চম্পত ৰায় আৰু অনিল মিশ্ৰৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত দান-বৰঙণি আত্মসাতৰ অভিযোগৰ মাজতে...