আদাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?

আমি খাদ্যসমূহত আদাক মচলা হিচাপে ব্যৱহাৰ কৰো। আদাৰ সংমিশ্ৰণে খাদ্যসমূহ সোৱাদযুক্ত হৈ পৰে। কিন্তু আপুনি ব্যৱহাৰ কৰা আদাৰ উপকাৰিতাৰ বিষয়ে আপুনি কিমান জানে? আদাৰ টুকুৰা বা ৰসৰ সৈতে নিমখ মিহলাই সেৱন কৰিলে বমিভাৱ নোহোৱা হয়৷ আদা, ক’লা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অজীৰ্ণ নিৰাময় হয়৷ দুকাপ পানীত দুই ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলোৱা পানী খালে বুকুৰ জ্বলাপূৰা, এচিডিটি আতৰ হয়৷ গৰ্ভৱতী মহিলাৰ পুৱাবেলা হোৱা বমিভাৱ (Morning sickness ) নিৰাময়ত আদা হ’ল উপকাৰী৷ মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষ (ডিচমেনৰিয়া) উপশম ঘটায়। বৃহৎ আন্ত্ৰৰ (ক’লনৰ) কৰ্কট ৰোগত সুৰক্ষা আগবঢ়ায়৷ স্তনৰ কেঞ্চাৰ, পেনক্ৰিয়াচৰ কেঞ্চাৰ আৰু অভেৰিৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷

Ginger and Diabetes - Effect on Glycemic Control, Cataracts & Insulin  Secretion

এন্টিইনফ্লেমেটৰি গুণৰ বাবে আদাই গাঁঠিৰ আৰু হাঁড়ৰ বিষ কমায়৷ নানা ধৰণৰ বাত আৰু অ’ষ্টিঅ’আৰ্থাইটিচৰ চিকিৎসাত আদা খাবলৈ আৰু ইয়াৰ তেল মালিশ কৰিব পৰামৰ্শ দিয়া হয়৷ দৈনিক ২গ্ৰাম আদা দহবাৰ দিনলৈ খালে মাংসপেশীৰ বিষ নিৰাময় হয়৷ আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আতৰ হয়৷ নিয়মীয়া আদাৰ সেৱন কৰিলে অপকাৰী কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হ্ৰাস পায়৷ তেজৰ নলীত চৰ্বি জমা হব নিদিয়ে৷ আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে৷ দাঁতৰ আৰু মুখৰ দূৰ্গন্ধ দূৰ কৰাত আদা সহায়ক৷ যিকোনো শাৰীৰিক দূৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আতৰ হয়৷ শৌচ কচা আতৰাবলৈ আদা,আজৱাইন, নেমুৰ ৰস ক’লা নিমখ মিহলাই খালে উপকৃত হয়৷ পাইলচৰ ৰোগীৰ বাবে আদা উপকাৰী, কিয়নো ই শৌচ খোলোচা কৰাত সহায় কৰে৷ আদাৰ প্ৰলেপ জুয়েপোৰা অংশত লগালে সোনকালে বিষ আৰু ঘাঁৰ উপশম ঘটে৷ আদাৰ তেল মিহলোৱা গৰম পানীৰে গা ধুলে গাৰ বিষৰ উপশম ঘটে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...