মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব

সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক ক্ষণত গুৱাহাটী প্ৰেছ ক্লাৱে পুনৰ এবাৰ মিডিয়া ক্ৰিকেটৰ ফাইনেলত স্থান নিশ্চিত কৰিলে। অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ ক্ৰিকেট প্ৰতিযোগিতাত ক্ৰমাগতভাবে তৃতীয়বাৰৰ বাবে ফাইনেলত স্থান নিশ্চিত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে।

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এখন মেচত আয়োজক অসম ক্ৰীড়া সাংবাদিক সন্থাক ৬ ৰানত পৰাস্ত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬০ ৰান।

গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ মৃগাংক শৰ্মাই ৬২, অধিনায়ক বিনয় কলিতাই অপৰাজিত ৪৫ আৰু সঞ্জীৱ বেজবৰুৱাই আগবঢ়াই ২৪ ৰানৰ অৱদান। প্ৰত্যুত্তৰত অসম ক্ৰীড়া সাংবাদিক সন্থাই ১৫৪ ৰানতে সামৰে ইনিংছ।

গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ বেটিঙত অপৰাজিত ৪৫ ৰান আৰু বলিঙত ১ উইকেট দখল কৰা বিনয় কলিতা বিবেচিত হয় মেন অব দ্যা মেচ। উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হব লগীয়া ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব মুখামুখি হব মিডিয়া মেনেজমেণ্টৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...