কাৰাগাৰত ৰহস্যজনক মৃত্যু গেংষ্টাৰ–ৰাজনীতিকৰ

যোগীৰ জে’লত ৰহস্যজনক মৃত্যু গেংষ্টাৰ–ৰাজনীতিকৰ
গেংষ্টাৰৰ মৃত্যুত কোনে পালে হোলীৰ আনন্দ
মৃত্যুৰ পিছতো আতংক, ১৪৪ জাৰি

কাৰাগাৰৰ ভিতৰতে মৃত্যু হ’ল একালৰ উত্তৰ প্ৰদেশৰ আতংক গেংষ্টাৰ মুখতাৰ আনচাৰীৰ। উত্তৰ প্ৰদেশৰ মউ সমষ্টিৰ পৰা ৫ বাৰ বিধায়ক হোৱা মুখতাৰ আনচাৰীৰ বৃহস্পতিবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি প্ৰকাশ পোৱাৰ লগে লগে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰো আশংকা প্ৰকাশ পাইছে। এনে আশংকাত সমগ্ৰ উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

কাৰাবন্দী হৈ থকাৰ অৱস্থাতে ৬৩ বছৰ বয়সত মুখতাৰ আনচাৰীৰ মৃত্যু হোৱা খবৰে তীব্ৰ ক্ৰিয়া–প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে উত্তৰ প্ৰদেশত।

আনচাৰীৰ মৃত্যুৰ আঁৰত চৰকাৰৰ হাত থকাৰ অভিযোগ উঠিছে
আহাৰৰ লগত বিহ দিয়াৰ অভিযোগ আনচাৰীৰ পুত্ৰৰ
আদালততো অভিযোগ দাখিল কৰিছিল আনচাৰীৰ অধিবক্তাই
কংগ্ৰেছে দাবী কৰিলে নিৰপেক্ষ তদন্তৰ

কিন্তু আনচাৰীৰ মৃত্যু খবৰে আন একাংশ লোকক দিছে হোলীৰ আনন্দ। গেংষ্টাৰ মুখতাৰ আনচাৰীয়ে হত্যা কৰা প্ৰাক্তন বিজেপি বিধায়ক কৃষ্ণানন্দ ৰায়ৰ পত্নী–পুত্ৰই সন্তুষ্টি প্ৰকাশ কৰিলে।

কৃষ্ণানন্দ ৰায়ৰ হত্যাত দোষী সাব্যস্ত হৈ ১০ বছৰৰ কাৰাবাস হৈছিল আনচাৰীৰ

২০০৪ চনত মেচিনগানসহ আনচাৰীক গ্ৰেপ্তাৰ কৰি মুলায়েম চৰকাৰৰ হেঁচাত চাকৰি এৰিব লগীয়া হোৱা তদানীন্তন DSP শৈলেন্দ্ৰ সিঙে ক’লে – অৱশেষত ভগৱানে বিচাৰ কৰিলে। চৰকাৰ বচোৱাৰ স্বাৰ্থত মুলায়েম সিঙে গেংষ্টাৰ আনচাৰীত প্ৰশ্ৰয় দিয়াৰ অভিযোগ প্ৰাক্তন আৰক্ষী বিষয়াজনৰ।

অপৰাধ জগতেৰে জড়িত হৈয়ো ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰাৰ লগতে ৫বাৰকৈ বিধায়ক হোৱা মুখতাৰ আনচাৰীৰ মৃত্যুৰ আঁৰত যোগী চৰকাৰৰ হাত থকা বুলি উঠা অভিযোগে বিয়পাইছে আতংকৰ। ২০০৫ চনৰ পৰা উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ বিভিন্ন কাৰাগাৰত আছিল মুখতাৰ আনচাৰী। শেহতীয়াকৈ বান্দাৰ এখন কাৰাগাৰত থকা অৱস্থাতে বৃহস্পতিবাৰে সংজ্ঞাহীন হৈ পৰে। চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আনচাৰীৰ মৃত্যু হয়। এই গেংষ্টাৰৰ বিৰুদ্ধে ১৫টা হত্যাসহ আছিল মুঠ ৬১টা ফৌজদাৰী গোচৰ। ইয়াৰ ভিতৰত আছে হত্যা, ধৰ্ষণ। ইমানবোৰ গোচৰ থকাৰ পিছতো আনচাৰীৰ প্ৰভাৱ আছিল উত্তৰ প্ৰদেশৰ ৰাজনীতিত। কাৰাগাৰত থাকিও প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল ৰাজ্যখনত। যাৰ বাবেই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকট হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...