কভিড প্ৰটকলৰ বাবে পিছুৱালে নৰ্থ-ইষ্ট ফেষ্টিভেল, ৩ দিনীয়াকৈ হ’ব এই তাৰিখৰ পৰাহে

১ ডিচেম্বৰত দিল্লী চৰকাৰে অমিক্ৰণ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এখন নতুন SOP প্ৰকাশ কৰিছে। SOP অনুসৰি ১৫ দিনৰ বাবে দিল্লীত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বা ৰাজনৈতিক ৰেলী বা এনে ধৰণৰ অনুষ্ঠান হ’ব নোৱাৰিব। যাৰ বাবে ১০, ১১, ১২ ডিচেম্বৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেল ৭ জানুৱাৰীৰ পৰাহে অনুষ্ঠিত হ’ব। ৭, ৮ আৰু ৯ জানুৱাৰীত দিল্লীত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ নৱম সংস্কৰণ অনুষ্ঠিত হ’ব। সমাৰোহত নৈপৰীয়া সভ্যতা-সংস্কৃতিৰ প্ৰদৰ্শন হ’ব। নদী পৰিবহন সুচল কৰা সন্দৰ্ভত চৰকাৰৰ শীৰ্ষ পৰ্যায়ত আলোচনা, পৰ্যটন সন্দৰ্ভত আলোচনা হ’ব সমাৰোহত। উদ্যোগ-বাণিজ্য, ষ্টাৰ্ট আপ সন্দৰ্ভত আলোচনা চক্ৰ, ক্ৰেতা বিক্ৰেতাৰ সন্মিলন অনুষ্ঠিত হ’ব। ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য-সংস্কৃতি আৰু হস্তশিল্প-ফেশ্বনৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব সমাৰোহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...