৭.২ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প, ছুনামিৰ সতৰ্কতা

৭.২ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। মঙলবাৰে শক্তিশালী ভূমিকম্পত কঁপি উঠিল ইণ্ডোনেছিয়াৰ পূব প্ৰান্ত। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৌমাৰে চহৰৰ পৰা ১০০ কিলোমিটাৰ উত্তৰৰ সাগৰৰ ১৮.৫ কিলোমিটাৰ গভীৰতাত। ইয়াৰ পাছতেই অঞ্চলটোত ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে।


২০০৪ চনতো ভূমিকম্পই ধ্বংসস্তুপলৈ পৰিণত কৰিছিল সূমাত্ৰা দ্বীপ। ৰিখটাৰ স্কেলত ৯.১ প্ৰাবল্যৰ ভূমিকম্পই ২ লাখ ২০ হাজাৰ লোক হতাহত হৈছিল। ইয়াৰে কেৱল ইণ্ডোনেছিয়াৰ ১ লাখ ৭০ হাজাৰৰো অধিক লোক মৃত্যুমুখত পৰিছিল।


প্ৰশান্ত মহাসাগৰীয় ৰিং অফ ফায়াৰত অৱস্থিতিৰ বাবে ইণ্ডোনেছিয়া প্ৰায়ে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ দ্বাৰা আক্ৰান্ত বা সন্মুখীন হ’ব লগা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...