কভিড প্ৰটকলৰ বাবে পিছুৱালে নৰ্থ-ইষ্ট ফেষ্টিভেল, ৩ দিনীয়াকৈ হ’ব এই তাৰিখৰ পৰাহে

১ ডিচেম্বৰত দিল্লী চৰকাৰে অমিক্ৰণ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এখন নতুন SOP প্ৰকাশ কৰিছে। SOP অনুসৰি ১৫ দিনৰ বাবে দিল্লীত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বা ৰাজনৈতিক ৰেলী বা এনে ধৰণৰ অনুষ্ঠান হ’ব নোৱাৰিব। যাৰ বাবে ১০, ১১, ১২ ডিচেম্বৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেল ৭ জানুৱাৰীৰ পৰাহে অনুষ্ঠিত হ’ব। ৭, ৮ আৰু ৯ জানুৱাৰীত দিল্লীত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ নৱম সংস্কৰণ অনুষ্ঠিত হ’ব। সমাৰোহত নৈপৰীয়া সভ্যতা-সংস্কৃতিৰ প্ৰদৰ্শন হ’ব। নদী পৰিবহন সুচল কৰা সন্দৰ্ভত চৰকাৰৰ শীৰ্ষ পৰ্যায়ত আলোচনা, পৰ্যটন সন্দৰ্ভত আলোচনা হ’ব সমাৰোহত। উদ্যোগ-বাণিজ্য, ষ্টাৰ্ট আপ সন্দৰ্ভত আলোচনা চক্ৰ, ক্ৰেতা বিক্ৰেতাৰ সন্মিলন অনুষ্ঠিত হ’ব। ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য-সংস্কৃতি আৰু হস্তশিল্প-ফেশ্বনৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব সমাৰোহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...