চিৰিয়াখানাৰ ওচৰে–পাঁজৰে ঘূৰি ফুৰিছে বাঘ

সাৱধান, চিৰিয়াখানাৰ ওচৰে–পাঁজৰে ঘূৰি ফুৰিছে বাঘ। অসম ৰাজ্যিক চিৰিয়াখানাৰ ওচৰত প্ৰত্যক্ষ কৰা গৈছে বাঘৰ মুক্ত বিচৰণ। অসম ৰাজ্যিক চিৰিয়াখানা সদৰৰ বনাঞ্চলিক বিষয়াই এই বিষয়ে জানিবলৈ দিছে। এই সন্দৰ্ভত চিৰিয়াখানা কৰ্তৃপক্ষই ৰাইজক উদ্দেশ্যি জাৰি কৰিছে জাননী।

চিৰিয়াখানা সদৰ অঞ্চলৰ আঞ্চলিক বিষয়াই প্ৰকাশ কৰে যে অসম ৰাজ্যিক চিৰিয়াখানাৰ পাহাৰৰ ঘন জংঘল আৰু দাঁতি কাষৰীয়া অঞ্চলত সঘনাই নাহৰফুটুকী বাঘৰ বিচৰণ পৰিলক্ষিত হৈছে। এনে অৱস্থাত উক্ত অঞ্চলত অকলে বিচৰণ নকৰিবলৈ তথা শিশুসকলক অভিভাৱক অবিহনে অকলে এৰি নিদিবলৈ আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...