এশ গৰু মাৰিলে বাঘৰো…দীর্ঘদিনে প্ৰৱঞ্চনা কৰি পলাতক হৈ থকা জয়ন্ত কুমাৰ দাস জালত

মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত প্ৰৱঞ্চক। দীর্ঘদিনে বাহন সংক্ৰান্তীয় প্ৰবঞ্চনা কৰি পলাতক হৈ আছিল জয়ন্ত কুমাৰ দাস। শেহতীয়াকৈ প্ৰবঞ্চনাৰ বলি হৈ পলাশবাৰীৰ এহাল দম্পতীয়ে বশিষ্ঠ থানাত ৰুজু কৰিছিল এটা গোচৰ। ৪০৬/৪২০/৩৭৯ ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা প্ৰৱঞ্চকজনক আটক কৰিবলৈ সক্ষম হয়।


২০১৮ চনত গুৱাহাটীৰ সৰুসজাইত থকা জয়ন্ত কুমাৰ দাসৰ ৰামধুত আৰ্থমুভাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা ক্ৰয় কৰিছিল এখন এছকেভেটৰ। পৰৱৰ্তী সময়ত প্ৰবঞ্চকজনে প্ৰতি মাহে ৩ লাখ টকা দিয়াৰ চুক্তিত ভাড়ালৈ লয় এছকেভেটৰখন। তাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল প্ৰবঞ্চকজন।

আনহাতে, সৰুসজাইৰ সেই ডীলাৰটো সম্প্ৰতি বন্ধ কৰি দিছে প্ৰবঞ্চকজনে। বহুকেইটা গাড়ী চুৰি চক্ৰৰ লগতো জড়িত আছে বুলি সন্দেহ আৰক্ষীৰ। ত্ৰিপুৰাৰ এই প্ৰবঞ্চকজনৰ নাগালেণ্ড, ত্ৰিপুৰাতো ডীলাৰ আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰবঞ্চকজনক জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...