কিয় কংগ্ৰেছ ত্যাগ কৰিলে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে?

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীৰ কংগ্ৰেছ ত্যাগ। শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে নাবাম টুকীয়ে। লোকসভা নিৰ্বাচন আৰু অৰুণাচলপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাবাম টুকীৰ এই পদত্যাগ কংগ্ৰেছৰ বাবে মোক্ষম আঘাতৰূপে বিবেচিত হৈছে। কংগ্ৰেছৰ তিনিজন বিধায়কে বিজেপিলৈ যোৱাৰ পিছতে শুকুৰবাৰে নাবাম টুকীয়ে AICCলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। অৰুণাচলপ্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গ্যামাৰ টানাই প্ৰকাশ কৰা মতে, দলীয় বিধায়কসকলক একত্ৰিত কৰি ৰখাত ব্যৰ্থ হোৱা বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে কংগ্ৰেছৰ পৰা অব্যাহতি লয়। অৰুণাচল বিধানসভাত নাবাম টুকীয়ে ছাগালী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা ইষ্ট ছিয়াং জিলাৰ মেবো সমষ্টিৰ পৰা ৬বাৰকৈ বিধায়কৰূপে নিৰ্বাচিত হোৱা লম্বো টায়েঙে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। টায়েঙৰ লগতে আন দুজন কংগ্ৰেছ বিধায়কক্ৰমে নিনং এৰিং আৰু ৱাংলিন লোৱাংদঙেও বিজেপিত যোগদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...