২৭ বছৰৰ পাছত ভাৰতত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা

শনিবাৰে নিশা মুম্বাইত অনুষ্ঠিত হ’ল মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৭১ সংখ্যক সংস্কৰণ

মিছ ৱৰ্ল্ড-২০২৪ৰ খিতাপ লাভ কৰিলে চেক ৰিপাব্লিকৰ সুন্দৰী ক্ৰীষ্টিনা পিস্কোভাই

ঘোষণা কৰা হ’ল মিছ ৱৰ্ল্ড ২০২৪ৰ বিজয়ীৰ নাম৷ এইবাৰ মুম্বাইত অনুষ্ঠিত হৈছিল ৭১ সংখ্যক মিছ ৱৰ্ল্ড ইভেণ্ট ২০২৪৷ এইবাৰৰ মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে মিছ চেক ৰিপাব্লিকৰ ক্ৰীষ্টিনা পিস্কোভাই। প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰে লেবাননৰ ইয়াছমিনা জেটৌনে। ক্ৰীষ্টিনা পিস্কোভাক মুকুট পিন্ধাই ৭০ সংখ্যক মিছ ৱৰ্ল্ড কেৰ’লিনা বিলাভস্কাৰে৷ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। জানিব পৰা মতে ক্ৰীষ্টিনাই আইন আৰু ব্যৱসায় দুয়োটা বিষয়তে ডিগ্ৰী লাভ কৰিছে। ক্ৰীষ্টিনাই পিস্কো ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। লগতে তাঞ্জানিয়াত সুযোগ বঞ্চিত শিশুসকলৰ বাবে এখন ইংৰাজী বিদ্যালয় খুলিছিল, য’ত তেওঁ স্বেচ্ছাসেৱী হিচাপে কামো কৰিছিল। ইংৰাজী, পোলেণ্ড, শ্লোভাক, জাৰ্মান ভাষা সাৱলীলভাৱে ক’ব পৰা এই মডেলগৰাকীয়ে শিক্ষাৰ জৰিয়তে বহনক্ষম উন্নয়নৰ পোষকতা কৰে। ২০০৬ চনৰ মিছ ৱৰ্ল্ড বিজয়ী টাটানা কুচাৰোভাৰ পিছত চেক গণৰাজ্যৰ দ্বিতীয়গৰাকী মিছ ৱৰ্ল্ড হিচাপে পৰিগণিত হৈছে পিস্কোভা।

মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ১২ জনীয়া বিচাৰকৰ পেনেলত দেখা গ’ল চলচ্চিত্ৰ নিৰ্মাতা সাজিদ নাদিয়াদৱালা, কৃতি ছানন, পূজা হেগড়ে, ক্ৰিকেটাৰ হৰভজন সিং, মিছ ৱৰ্ল্ড মানুষী চিল্লাৰকে ধৰি বহু চেলিব্ৰিটীক। ছনী লাইভত পোনপটীয়াকৈ প্ৰচাৰ কৰা হৈছিল এই অনুষ্ঠান। অনুষ্ঠানত ঘোষক-ঘোষিকা হিচাপে অংশ লয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু এসময়ৰ মিছ ৱৰ্ল্ড মেগান ইয়ঙ। এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে ২২ বছৰীয়া ছিনি শ্বেট্টীয়ে। শীৰ্ষ আঠত স্থান লাভ কৰিলেও তাৰ পৰাই নক আউট হয় ছিনি। মুম্বাইত জন্মগ্ৰহণ কৰা ছিনি শ্বেট্টীয়ে বিগত সময়ছোৱাত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ জয় কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...