ছিপাঝাৰৰ পূৱ নাওদিঙাত গাৰ নোম শিয়ৰি উঠা ঘটনা

ছিপাঝাৰৰ পূৱ নাওদিঙাত গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ড। এগৰাকী মহিলা শ্ৰমিকক প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা কৰি ভাটাত ভৰাই থয় মৃতদেহ। আৰক্ষীৰ জালত পৰিছে মহিলাগৰাকীৰ ধৰ্ষণ আৰু হত্যাত জড়িত ২ অভিযুক্ত। ধৃত বালাৰাম হিমব্ৰুম আৰু এলাইছ তালা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে জঘন্য অপৰাধৰ কথা। নিহত মহিলা শ্ৰমিকগৰাকী ২৫ বছৰীয়া প্ৰিয়ংকা মুৰ্মু।

হত্যা আৰু ধৰ্ষণ
ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ জালত দুই ঘাতক
বালাৰাম হিমব্ৰুম আৰু এলাইছ তালা

মঙলদৈ জিলাৰ ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিছে এই দুই ঘাতকক। জঘন্য অপৰাধৰ অভিযোগ দুয়োৰে বিৰুদ্ধে। বালাৰাম আৰু এলাইছে যি ঘটনা সংঘটিত কৰিছে সেয়া গাৰ নোম শিয়ঁৰি যোৱা। এগৰাকী মহিলা শ্ৰমিকক পাশৱিক ধৰ্ষণ আৰু হত্যা।

ঘটনা সংঘটিত হৈছিল ছিপাঝাৰৰ পূৱ নাওদিঙাৰ এই ইটাভাটাত। বিগত ৮ মাৰ্চ, শুকুৰবাৰে এই MJM ইটাভাটাৰ ভাটাৰ ভিতৰত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। মহিলাগৰাকী গোসাইগাঁৱৰ ২৫ বছৰীয়া প্ৰিয়ংকা মুৰ্মু। মৃতদেহ উদ্ধাৰৰ দিনাই মহিলাগৰাকীৰ স্বামীয়ে ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ। গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে ছিপাঝাৰ আৰক্ষীৰ এটা উচ্চপদস্থ বিষয়াৰ দলে।

দুদিনৰ তদন্তৰ অন্তত আৰক্ষীৰ জালত পৰে দুই ঘাতক। বালাৰাম হিমব্ৰুম আৰু এলাইছ তালা। দুই অভিযুক্তৰ ঘৰো কোকৰাঝাৰৰ গোসাইগাঁৱত। আৰক্ষীৰ জেৰাত ২৫ বছৰীয়া মুৰ্মুৰ সৈতে কৰা পাশৱিক কাণ্ডৰ কথা স্বীকাৰ কৰিছে দুই ঘাতকে।

ঘটনা সংঘটিত হৈছিল ৭ মাৰ্চ, বৃহস্পতিবাৰে। নিশা ইটাভাটাৰ পৰা প্ৰায় ৩০০ মিটাৰ আঁতৰৰ পথাৰলৈ প্ৰিয়ংকাক কৌশলেৰে লৈ গৈছল বালাৰাম আৰু এলাইছে। নিৰ্জন পথাৰত নিশা দুই ঘাতকে উপৰ্যুপুৰি ধৰ্ষণ কৰে প্ৰিয়ংকাক। ধৰ্ষণৰ কথা পোহৰলৈ অহাৰ ভয়ত নিশাই নৃশংসভাৱে প্ৰিয়ংকাক হত্যাও কৰে বালাৰাম আৰু এলাইছে। সমগ্ৰ ঘটনা গাপ দিবলৈ কোনো নথকা অৱস্থাত প্ৰায় পুৱতি নিশা প্ৰিয়ংকাৰ মৃতদেহটো ভাটাত লুকুৱাই থয় দুই অভিযুক্তই।

কিন্তু ৮ মাৰ্চ, শুকুৰবাৰে পুৱাৰ ভাটাৰ ভিতৰত উদ্ধাৰ হয় প্ৰিয়ংকা মুৰ্মুৰ মৃতদেহ। আৰক্ষীৰ মাৰাথন জেৰাত দুই অভিযুক্ত বালাৰাম আৰু এলাইছে স্বীকাৰ কৰিছে সমগ্ৰ অপৰাধৰ কথা। এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ছিপাঝাৰৰ পূৱ নাওদিঙাত। হত্যা আৰু ধৰ্ষণত জড়িত দুই অভিযুক্তৰ ফাঁচীৰ দাবী জনাইছে ইটাভাটাৰ শ্ৰমিকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...