জোনাইত অব্যাহত বানৰ তাণ্ডৱ

এখন দুখন নহয়, ১০খনকৈ গাঁৱৰ ৰাইজ শংকিত। ঘৰ-বাৰী বহুলাংশে ডুব গৈছে পানীত। বৰপানীয়ে নমাই আনিছে বিভীষিকা।

জোনাই মহকুমাৰ অন্তৰ্গত ৰামধন ধিকাৰী গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱত বানৰ তাণ্ডৱ। আমি প্ৰথমেই উল্লেখ কৰা ধৰণে পঞ্চায়তটোৰ প্ৰায় ১০ খন গাঁৱৰ ৰাইজে এতিয়া ককবকাইছে পানীৰ তলত।

কেউফালে পানী আৰু পানী, কিন্তু খোৱাৰ উপযোগীকৈ এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্ত। স্কুললৈ সন্তানক পঠোৱাটো প্ৰায় দুৰ্বিসহ হৈ পৰিছে। তাৰ মাজতে কোনোৱে একঁকাল পানীৰ মাজত সন্তানক কোলাত তুলি লৈ আনিছে। পিঠিৰ স্কুলবেগত পোনাটিৰ মানুহ হোৱাৰ সপোন। ইয়াৰ লগতে হাঁহ-কুকুৰাৰ বাবেও একো এটা কৰিবলৈ অপাৰগ গৃহস্থ। খাবলৈ খুদকণ এটাও পোৱা নাই পশুধনে।

ইয়াৰ মাজতে আন এক বিপদ! জোনাইৰ প্ৰথমটো বানত বাঢ়নী পানীয়ে চিঙিলে গাইড বান্ধ। আন বহু গাঁৱৰ খেতি-পথাৰ, ঘৰ দুৱাৰ ডুব যোৱাৰ আশংকা।

জোনাইৰ অসম অৰুণাচল সীমান্ত অঞ্চলত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱাই খৰস্ৰোতা ৰায়াং নদীয়ে চিঙিছে গাইড বান্ধ। চিগি যোৱা গাইড বান্ধৰ পানীয়ে অঞ্চলটোৰ ২নং চিৰাম পুৰীয়া, কাৰ্দংচুক, ৰাংকপ দেউৰী, বিজয়পুৰ দেউৰী, উত্তৰ কাৰ্দংচুক, ভেকেলী গাঁৱ, মধ্য লখিপুৰ, মেম্বাৰচুক আদি গাঁৱকে ধৰি প্ৰায় দহখনতকৈ অধিক গাঁও প্লাৱিত কৰিছে। ১নং আৰু ২নং জামুগুৰি,উলনী, মোলানা, বিষ্ণুপুৰতো একেই পৰিস্থিতি। যোৱা বৰ্ষতে এই গাইড বান্ধ নিৰ্মাণৰ বাবে ৰাইজে বিভিন্ন সময়ত বিধায়কৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছিল কিন্তু গুৰুত্ব নিদিয়াৰ বাবে এনে পৰিস্থিতি হোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

ৰাইজে এতিয়া ককবকাইছে বানত। বাট চাইছে ৰজালৈ। ৰজা আহিব আহিব, বান্ধ এটা বান্ধি দিব, ভোটৰ সময়ত কোৱাৰ দৰেই দাইল চাউল দিব বানাক্ৰান্তক, সেই আশাৰেই এতিয়া বাট চাইছে বানাক্ৰান্তসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...