ডুবাইত আজি ক্ৰিকেট বিশ্বযুদ্ধৰ চূড়ান্ত মেচ

মৃদুপৱন বৰা


২২ গজৰ মহাৰণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিউজিলেণ্ড
বিশ্ব ক্ৰিকেটে লাভ কৰিব টি-২০ৰ ব্ৰেণ্ড নিউ চেম্পিয়ন

অন্তিম ক্ষণত মৰুৰ চহৰত অনুষ্ঠিত হৈ থকা টি-২০ বিশ্বকাপ। ইতিমধ্যে বিশ্বৰ ক্ৰিকেটপ্ৰেমী সাক্ষী হৈ ৰল দুখনকৈ শ্বাসৰুদ্ধকৰ ছেমি ফাইনেল মেচৰ। এখনত পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৰোমাঞ্চকৰ জয় আনখনত ইংলেণ্ডৰ বিৰুদ্ধে শ্বাসৰুদ্ধকৰ জয়েৰে ফাইনেলত প্ৰৱেশ কৰিলে নিউজিলেণ্ড। এতিয়া নিউজিলেণ্ড-অষ্ট্ৰেলিয়াৰ খিতাপ দখলৰ মহাৰণলৈ অপেক্ষা ক্ৰিকেটপ্ৰেমীৰ।

বিশ্ব ক্ৰিকেটৰ আটাইতকৈ সফল দল অষ্ট্ৰেলিয়া
৫ বাৰকৈ এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন কেংগেৰুবাহিনী

কিন্তু, টি-২০ বিশ্বকাপৰ খিতাপ এটাও নাই দলটোৰ হাতত। ২০১০ বৰ্ষত টি-২০ বিশ্বকাপৰ ফাইনেল খেলিছিল যদিও খিতাপ দখলত হৈছিল ব্যৰ্থ। আজি এই ব্যৰ্থতা আঁতৰাই শেষ হাঁহি মাৰিবলৈ সাজু আৰণ ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়া। দলটোৰ সন্মুখত প্ৰত্যাহ্বান আণ্ডাৰডগ নিউজিলেণ্ড।

কিৱি বাহিনীত নাই বিশ্ব ক্ৰিকেটৰ মহাতাৰকা, তথাপি দলটোৰ ধাৰাবাহিকতা অন্য দলৰ বাবে কেৱল ভয়াৱহই নহয় ঈৰ্ষণীয়ো। অধিনায়ক কেন উইলিয়ামছনে দলটোক প্ৰদান কৰিছে অন্য এক মাত্ৰা।
শীতল মস্তিষ্কৰ উইলিয়ামছনে যিকোনো মূহুৰ্তত বিপক্ষক কৰিব পৰা প্ৰতিহত। তাৰকাজনৰ ৰণনীতি সফলতাৰ অন্যতম প্ৰতিভূ। দলটোৰ প্ৰতিজন খেলুৱৈয়ে আছে সুন্দৰ ফৰ্মত। মাৰ্টিন গুপটিল,ডাৰেল মিটচেল, জেমি নিচাম কিৱি বাহিনীৰ বেটিঙ মেৰুদণ্ড।স্পীডষ্টাৰ ট্ৰেণ্ট বল্ট, টিম ছাউডীয়ে ত্ৰাস সৃষ্টি কৰিব পাৰে কেংগেৰুবাহিনীৰ বেটিং লাইন আপত। সতীৰ্থৰ এই ফৰ্মে উজ্জীৱিত কৰি তুলিছে কেপ্তেইন উইলিয়ামছনৰ আত্মবিশ্বাস। যাৰ বাবে উইলিয়ামছনে মেচৰ পূৰ্বে সদম্ভে ঘোষণা কৰিছে প্ৰতিপক্ষ শক্তিশালী কিন্তু আমি ভয় নকৰো।

বিশ্ব ক্ৰিকেটৰ নীৰৱ ঘাতক ৰূপে পৰিগণিত নিউজিলেণ্ডে এইবাৰ টি-২০ ক্ৰিকেটৰ চেম্পিয়ন হিছাপেও ৰচিব বিচাৰে ইতিহাস। ইফালে, ছন্দত নথকা অষ্ট্ৰেলিয়া এতিয়া খিতাপৰ প্ৰবল দাবীদাৰ ডেভিদ ৱাৰ্ণাৰে ফৰ্ম ঘূৰাই পোৱাত হাঁহি বিৰিঙিছে অনুৰাগীৰ মুখত। একেদৰে দলটোৰ অলৰাউণ্ডাৰৰ দুৰ্দান্ত প্ৰদৰ্শনে বৃদ্ধি কৰিছে আত্মবিশ্বাস। শক্তিশালী পাকিস্তানক হৰুৱাই ফাইনেলত স্থান নিশ্চিত কৰা অষ্ট্ৰেলিয়াৰ বাবে সম্বল হব অভিজ্ঞতা।

স্নায়ু যুঁজ কোনে সহিব পাৰে মেচখনত সেয়া হব লক্ষণীয়। টছৰ ওপৰতো নিৰ্ভৰ কৰিব ফলাফল। ডুবাইৰ বিচিত্ৰ উইকেটত যুঁজ ৰোমাঞ্চকৰ হোৱাটো খাটাং। কাৰ বেটে সৃষ্টি কৰিব পাৰে বিস্ফোৰণ,কাৰ নিখুঁট য়ুৰ্কাৰত সলনি হব মেচৰ গতি এই প্ৰতিটো বলত দৃষ্টি নিৱদ্ধ থাকিব ক্ৰিকেটপ্ৰেমীৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...