মণিপুৰ এম্বুচত শ্বহীদ অসমৰ জোৱান; পিতৃকো হত্যা কৰিছিল উগ্ৰপন্থীয়ে… সবিশেষ

মণিপুৰৰ চুড়াচান্দপুৰত শ্বহীদ অসমৰ জোৱান। শনিবাৰে অসম ৰাইফলছৰ কনভয়ত ভয়ংকৰ আক্ৰমণ চলাইছিল PLA, MNPFৰ উগ্ৰপন্থীয়ে। এই আক্ৰমণত অসম ৰাইফলছৰ CO বিপ্লৱ ত্ৰিপাঠী সহ নিহত হৈছিল ৭জন। উগ্ৰপন্থীৰ গুলীত আন তিনিজন জোৱানৰো মৃত্যু ঘটে। এই জোৱান তিনিজনৰ মাজত আছিল বাক্সাৰ থৈকাৰাকুছিৰ সুমন স্বৰ্গীয়াৰী। ৮ বছৰ পূৰ্বে অসম ৰাইফলছত যোগ দিছিল সুমনে। উল্লেখ্য যে, সুমনৰ পিতৃ কনক স্বৰ্গীয়াৰীকো হত্যা কৰিছিল উগ্ৰপন্থীয়ে। মাতৃ আৰু পত্নী-পুত্ৰক এৰি থৈ যায় সুমন স্বৰ্গীয়াৰীয়ে।

অসম ৰাইফলছৰ ৪৬নং বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠীয়ে ১২ নৱেম্বৰৰ নিশা ৪৬নং বেটেলিয়নৰে বেহিয়াং অঞ্চলত থকা কোম্পানী শিবিৰলৈ গৈছিল। সপৰিয়ালে নিশাটো কটোৱাৰ পিছত ৩খন জীপচীত পৰিয়ালটো বেহিয়াঙৰ পৰা পুনৰ চূড়াছানপুৰলৈ উভতি অহাৰ পথত পুৱা ১০.৩০ বজাত আক্ৰমণৰ সন্মুখীন হয়। চোৰাংচোৱাই সন্দেহ কৰা মতে মণিপুৰৰ PLA উগ্ৰপন্থীয়ে বিষয়াজন অহাৰ খবৰ পাই ছিয়ালচি গাঁৱৰ কাষতে ঘন জংঘলৰ দুয়ো দাঁতিত এম্বুচ পাতিছিল।

জীপচীকেইখন সেই স্থান পোৱাৰ লগে লগে প্ৰথমতে বিস্ফোৰণ আৰু পিছত ধাৰাসাৰ গুলীবৰ্ষণ কৰে। এই গুলীবৰ্ষণত কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী আৰু তেওঁৰ পত্নী আৰু নাবালক পুত্ৰ নিহত হয়। আক্ৰমণত তেওঁৰ নিৰাপত্তাত নিয়োজিত কুইক ৰেছপনছ টীমৰ ৪জন সদস্যও নিহত হয়। এই ঘটনাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোকপ্ৰকাশ কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেনছিঙে ইতিমধ্যে অঞ্চলটোত আছাম ৰাইফলছে অভিযান আৰম্ভ কৰা বুলি প্ৰকাশ কৰে। ইতিমধ্যে কম্বিং অপাৰেচন চলাবলৈ সেনাবাহিনীৰ পেৰাকামাণ্ডুৰ দল হেলিকপ্টাৰেৰে ৰাওনা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাক গৰিহণা দি শ্বহীদসকলৰ আত্মাৰ সদগতি কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...