কেনেকৈ অসম ৰাইফলছৰ কনভয়ত আক্ৰমণ চলাইছিল উগ্ৰপন্থীয়ে? এম্বুচৰ সবিশেষ

0 427

আক্ৰমণৰ আঁৰত কোন উগ্ৰপন্থী সংগঠন?

অসম ৰাইফলছৰ কনভয়ত ভয়ংকৰ আক্ৰমণ উগ্ৰপন্থীৰ। অসম ৰাইফলছৰ কনভয়ত আক্ৰমণত COসহ নিহত ৭জন। উগ্ৰপন্থীৰ আক্ৰমণত নিহত চি অ’ বিপ্লৱ ত্ৰিপাঠী, ত্ৰিপাঠীৰ পত্নী আৰু পুত্ৰ। উগ্ৰপন্থীৰ গুলীত আন তিনিজন জোৱানৰো মৃত্যু ঘটে। আক্ৰমণৰ আঁৰত উগ্ৰপন্থী সংগঠন PLA জড়িতৰ সন্দেহ। ঘটনাৰ পাছতে মণিপুৰৰ বেহিয়াঙত তীব্ৰ অভিযান।

মণিপুৰৰ ক’ত হৈছিল এই এম্বুচ?

মণিপুৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণত নিহত হৈছে আছাম ৰাইফলছৰ এজন কৰ্ণেল, তেওঁৰ পত্নী, ৮ বছৰীয়া সন্তানসহ ৭জন লোক। মণিপুৰৰ চূড়াছানপুৰ জিলাৰ এখন দুৰ্গম গাঁৱৰ ৰাজপথত এই আক্ৰমণ সংঘটিত হয়।

অতব্য অৰণ্যৰ মাজেৰে ক’লৈ গৈছিল CO বিপ্লৱ ত্ৰিপাঠীসহ পত্নী-পুত্ৰ?

আছাম ৰাইফলছৰ ৪৬নং বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠীয়ে ১২ নৱেম্বৰৰ নিশা ৪৬নং বেটেলিয়নৰে বেহিয়াং অঞ্চলত থকা কোম্পানী শিবিৰলৈ গৈছিল। সপৰিয়ালে নিশাটো কটোৱাৰ পিছত ৩খন জীপচীত পৰিয়ালটো বেহিয়াঙৰ পৰা পুনৰ চূড়াছানপুৰলৈ উভতি অহাৰ পথত পুৱা ১০.৩০ বজাত আক্ৰমণৰ সন্মুখীন হয়। চোৰাংচোৱাই সন্দেহ কৰা মতে মণিপুৰৰ PLA উগ্ৰপন্থীয়ে বিষয়াজন অহাৰ খবৰ পাই ছিয়ালচি গাঁৱৰ কাষতে ঘন জংঘলৰ দুয়ো দাঁতিত এম্বুচ পাতিছিল।

পত্নী-পুত্ৰৰ সৈতে বিপ্লৱ ত্ৰিপাঠী

কি দৰে চলোৱা হৈছিল আক্ৰমণ?

জীপচীকেইখন সেই স্থান পোৱাৰ লগে লগে প্ৰথমতে বিস্ফোৰণ আৰু পিছত ধাৰাসাৰ গুলীবৰ্ষণ কৰে। এই গুলীবৰ্ষণত কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী আৰু তেওঁৰ পত্নী আৰু নাবালক পুত্ৰ নিহত হয়। আক্ৰমণত তেওঁৰ নিৰাপত্তাত নিয়োজিত কুইক ৰেছপনছ টীমৰ ৪জন সদস্যও নিহত হয়। এই ঘটনাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোকপ্ৰকাশ কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেনছিঙে ইতিমধ্যে অঞ্চলটোত আছাম ৰাইফলছে অভিযান আৰম্ভ কৰা বুলি প্ৰকাশ কৰে। ইতিমধ্যে কম্বিং অপাৰেচন চলাবলৈ সেনাবাহিনীৰ পেৰাকামাণ্ডুৰ দল হেলিকপ্টাৰেৰে ৰাওনা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাক গৰিহণা দি শ্বহীদসকলৰ আত্মাৰ সদগতি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.