সন্মুখত উপ-নিৰ্বাচন, মাজুলীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

নিৰ্বাচনমুখী মাজুলীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। মাজুলী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পুলক মহন্তই। জিলাখনত থকা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি, BLO, চুপাৰভাইজাৰ আৰু সাংবাদিকৰ উপস্থিতিত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। মাজুলী উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ৯৯ নং মাজুলী  বিধানসভা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা ২০২২ প্ৰকাশ কৰে। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দ্দেশনাত সম্পন্ন হোৱা বিশেষ সংক্ষিপ্ত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৩২,৪৪৫গৰাকী। ইয়াৰে ৬৭৪৬৮ গৰাকী পুৰুষ, ৬৪,৯৭৭ গৰাকী মহিলা ভোটাৰ। নতুনকৈ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰ তালিকাত নামভৰ্তিৰ যুৱক-যুৱতীৰ সংখ্যা হৈছে ২,৬০৭গৰাকী আৰু ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১,৩৪৭। সমষ্টিটোৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ১৯৫টা।

নিৰ্বাচনী আয়োগৰ বিধি অনুসৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছতো আসন্ন উপ-নিৰ্বাচনৰ প্ৰাকক্ষণলৈকে যোগ্য ভোটাৰসকলৰ নামভৰ্তিৰ বাবে নিয়মীয়া সংশোধনী প্ৰক্ৰিয়া অব্যাহত থাকিব। চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰি মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মহন্তই ঘোষণা কৰে এই কথা। জিলাখনৰ এগৰাকীও যোগ্য ভোটাৰ যাতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগৰ পৰা বঞ্চিত হ’ব লগা নহয় আৰু কোনো অযোগ্য ভোটাৰৰ নাম তালিকাত সন্নিৱিষ্ট হৈ নাথাকে সেয়া সুনিশ্চিত কৰিবলৈ প্ৰতিগৰাকী ভোট কেন্দ্ৰ পৰ্যায়ৰ বিষয়াৰ  নিজ ভোটকেন্দ্ৰৰ এলেকাৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ খবৰ কৰাৰ বাবে উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, নিৰ্বাচনী বিষয়া কেশৱানন্দ টাইড, মহকুমাধিপতি ধৃতিমান দাস, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া বিভাষ পাঠকো উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...