বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ মনোনীত চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ফিফাই

বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ মনোনীত চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ফিফাই। আশ্চৰ্যজনকভাৱে ১৪জনীয়া এই তালিকাত নাই পৰ্তুগীজ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ড’। তালিকাত আছে বিশ্বজয়ী আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছি। বিশ্বকাপ নেখেলিলেও বিগত বৰ্ষৰ বেলন ডিঅ’ৰ জয়ী কৰিম বেঞ্জেমাও আছে তালিকাত। স্থান পালে লুকা মদ্ৰিছ, নেইমাৰ, এমবাপে, লেৱানড’স্কিও। মহম্মদ ছালাহ, ছাদিঅ’ মানেও পালে এই তালিকাত স্থান। কিন্তু ৫ বাৰৰ বেলন ডিঅ’ৰ জয়ী তথা দ্য বেষ্ট বঁটাজয়ী ৰোণাল্ড’ক স্থান দিয়া নহ’ল এই তালিকাত। বৰ্ষশ্ৰেষ্ঠ তালিকাত ৰোণাল্ড’ৱে স্থান নোপোৱাত স্বাভাৱিকতে অবাক হৈ পৰিছে অনুৰাগী। ৩ ফেব্ৰুৱাৰী পৰ্যন্ত পাব্লিক ভোটিং গ্ৰহণ কৰি ২৭ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ফিফাই প্ৰকাশ কৰিব বৰ্ষশ্ৰেষ্ঠ খেলুৱৈজনৰ নাম।

NKTV Digital
Author: NKTV Digital

1020 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...