বিয়াৰ প্ৰস্তুতিৰ বাবে বছৰেকীয়া পৰীক্ষা বাতিল কৰিলে প্ৰধান শিক্ষকে

আত্মীয়ৰ বিয়াৰ প্ৰস্তুতিৰ বাবে বছেৰেকীয়া পৰীক্ষা বাতিল কৰিলে প্ৰধান শিক্ষকে। এইখন অসমতে সংঘটিত হৈছে আজৱ ঘটনা। তামুলপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। প্ৰধান শিক্ষকৰ পৰিয়ালৰ বিয়াৰ প্ৰস্তুতিৰ বাবে বাতিল কৰিলে বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা। পৰীক্ষা বাতিল কৰাৰ পিছতে হুলস্থুল লাগিল বিদ্যালয়খনত।

তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মইমতালিত ক্ষোভিত স্থানীয় লোক। পুৱাই পৰীক্ষা বুলি বিদ্যালয়লৈ ওলাই আহিল কণ কণ ছাত্ৰ-ছাত্ৰী। কিন্তু নাহিল প্ৰধান শিক্ষক। ৯ বাজি পাৰ হৈ ১০ বাজিল। তাৰ পিছতহে আহিল বিদ্যালয়খনৰ সহকাৰী শিক্ষক প্ৰকাশ কলিতা নামৰ এজন শিক্ষক। কিন্তু বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিৰ্দেশনা আছে যে আজি অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা। যাৰ বাবে আনজন শিক্ষকেও বাহনৰ ওপৰত লাল-কাল হৈছে টোপনিত।
এই খবৰ পাই বিদ্যালয়ত উপস্থিত হ’ল অভিভাৱক তথা স্থানীয় একাংশ সচেতন লোক। তাৰ পিছতে লাগিল হুলস্থুল।


স্থানীয় লোকৰ অভিযোগ দীৰ্ঘ দিনে বিদ্যালয়খনত প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ মইমতালিত চলাই গৈছে অৰাজকতা। বিদ্যালয়খনৰ সহকাৰী শিক্ষক প্ৰকাশ কলিতাও মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাত পিতৃয়ে ল’ব লগা হৈছে সহকাৰী শিক্ষকগৰাকীৰ ভূমিকা। পৰীক্ষাৰ ৰুটিনত উল্লেখ থকা মতে আজি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ দুই বেলা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। অঞ্চলটোৰ অন্যান্য বিদ্যালয়ত পৰীক্ষা চলি থকা সময়তে উক্ত বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে উপায়ন্তৰ হৈ ওলাই আহে ৰাইজ।


উল্লেখ্য যে, ১৯৫৫ চনতে স্থাপন হোৱা বিদ্যালয়খনৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫০ জন। তাৰ বিপৰীতে বৰ্তমান শিক্ষক আছে দুজন। আনহাতে, দীৰ্ঘদিনে বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ দিয়াৰ নামতো কৌশলেৰে ধন লুট কৰাৰ অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...