৩ৰ পৰা ৫ লোচাকৈ মাটি পাব নগৰ-চহৰাঞ্চলত চৰকাৰী মাটিত বাস কৰা পৰিয়ালে

0 132

২২ মার্চ, ২০২৩ তাৰিখে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্রধানমন্ত্ৰী আৱাস যোজনা (নগৰাঞ্চল)ৰ হিতাধিকাৰীৰ বাবে ৰাজ্যৰ পৌৰসভাসমূহৰ অধীনৰ এলেকাসমূহত ভূমিৰ আবণ্টন, বসতিৰ বাবে ভূমিৰ পৰিমাণ নিৰ্ধাৰণ আৰু ভূমি বন্দোৱস্তিৰ বাবদ পৰিশোধ কৰিবলগীয়া মিয়া মুক্তিসংগতকৰণৰ বাবে জিলাসমূহৰ উপায়ুক্তসকলক ক্ষমতা প্ৰদানৰ সন্দৰ্ভত এই বৈঠকত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্রধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া (PMAY-U) হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এক ধ্বজাবাহী আঁচনি। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত সকলো যোগ্য নগৰীয়া পৰিয়ালৰ বাবে (EWS / LIG / MIG) এটা পকী ঘৰ নিশ্চিত কৰাৰ উদ্দেশ্যেৰে দেশৰ অন্যান্য চহৰ-নগৰৰ লগতে আমাৰ ৰাজ্যতো এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ উদ্দেশ্য বাস্তৱায়িত কৰিবলৈ সমগ্ৰ ৰাজ্যতে পিএমএৱাই-ইউৰ ভূমিহীন হিতাধিকাৰীসকলক সুলভ মূল্যৰ প্ৰিমিয়ামত ভূমি প্রদান কৰাৰ পৰিকল্পনা কৰা হৈছে।

অসমত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে এই আঁচনিখন ৰূপায়ণৰ বাবে ন’ডেল কর্তৃপক্ষ হিচাপে কাম কৰি আছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আঁচনিখনৰ কাৰ্যকৰীকৰণ সুশৃংখলিত কৰাৰ বাবে এই বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। নগৰাঞ্চলৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীসকলক ভূমি প্ৰদানৰ বাবে বিভাগটোৱে কেবিনেটত প্ৰস্তাৱ আগবঢ়াইছিল।

সেই অনুসৰি ২০২১ চনৰ ২৪ নৱেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে ২০১১ চনৰ ২৮ জুন তাৰিখৰ পৰা বা তাৰ আগতে চৰকাৰী ভূমিত অবিৰতভাৱে বাস কৰি থকা খিলঞ্জীয়া ভূমিহীন ব্যক্তিসকলক সিএমএৱাই-এইচএফএ (নগৰীয়া) ৰ অধীনত সুবিধা আগবঢ়োৱাৰ বাবে বিভাগৰ প্ৰস্তাৱত অনুমোদন জনায়। এই সন্দৰ্ভত কেবিনেটে ভূমি নীতি-২০১৯ সংশোধন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰি ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ২২/১২/২০২১ তাৰিখৰ অধিসূচনা নং আৰডিএম ১৫০১১ (১) / ১৫২/২০২১ (ইচিএফ ১৭৫৮৩৫)/১৪ৰ ভিত্তিত ভূমি নীতি সংশোধন কৰি ২০২১ চনৰ ২২ ডিচেম্বৰত এক জাননী জাৰি কৰে। কিন্তু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে মত ব্যক্ত কৰে যে, খিলঞ্জীয়া ভূমিহীন লোকসকলৰ স্বাৰ্থত এই জাননীৰ কিছুমান কথা সৰলীকৰণ কৰাৰ প্ৰয়োজন আছে। বিভাগটোৱে লগতে অনুৰোধ কৰে যে আর্থিকভাৱে পিছপৰা শ্ৰেণী/অনুসূচিত জাতি/অনুসূচিত জনজাতি/ অন্যান্য পিছপৰা শ্ৰেণী/চাহ বাগিচাৰ শ্ৰমিক/প্ৰাক্তন চাহ বাগিচাৰ সম্প্ৰদায় আদিৰ অন্তৰ্গত থলুৱা ভূমিহীন হিতাধিকাৰীসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ কথা বিবেচনা কৰি ভূমি বন্দোবস্তিৰ বাবদ প্ৰদান কৰিবলগীয়া প্রিমিয়ামৰ হাৰো যুক্তিসংগত কৰা প্ৰয়োজন। লগতে PMAY-U ঘৰৰ সন্দৰ্ভত মাটিৰ বন্দোৱস্তিৰ বাবে যোগ্যতাৰ মাপকাঠী, চৰ্ত আৰু নিয়মৰ সংশোধন তথা যোগ্য হিতাধিকাৰীসকলক আপত্তিহীন প্রমাণপত্র (NOC)ৰ ব্যৱস্থাও সৰলীকৰণ কৰাৰ প্ৰস্তাৱ দাঙি ধৰা হয়।

উল্লিখিত সকলো দিশ চালি-জাৰি চাই যোৱা ২২ মার্চ, ২০২৩ তাৰিখে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে এই সিদ্ধান্তত উপনীত হয় যে ভূমিহীন খিলঞ্জীয়াসকলৰ বাসগৃহ নিৰ্মাণৰ বাবে পিএমএৱাই ইউ মিছন সম্পূৰ্ণ নোহোৱালৈকে এককালীন ব্যৱস্থা হিচাপে জিলাসমূহৰ উপায়ুক্তসকলক ক্ষমতা প্ৰদানৰ ক্ষেত্ৰত অনুমোদন দিয়া হ’ব। মহকুমা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতিৰ পৰৱৰ্তী বৈঠকৰ সন্মতি মৰ্মে PMAY-U ৰ অধীনৰ মিনসীয়া তিाধিকাৰীসকলক চৰ এলেকাসমূহ নিৰ্মাণৰ বাবে ভূমি আবণ্টনৰ চৰ্ত, যোগ্যতাৰ মাপকাঠী আৰু অন্যান্য চৰ্তসমূহ পূৰণৰ ব্যৱস্থা ভূমি নীতি, ২০১৯ অনুসৰি একেই থাকিব। আনহাতে নিষ্পত্তি কৰিবলগীয়া মাটিৰ বিপৰীতে পিএমএৱাই-ইউৰ প্ৰতিজন হিতাধিকাৰীৰ পৰা টোকেন পৰিমাণ হিচাপে মাত্র ৫০০/- টকা প্রিমিয়ামহে সংগ্ৰহ কৰা হ’ব। সিএমএৱাই ইউৰ অধীনৰ প্ৰতিজন হিতাধিকাৰীৰ নিষ্পত্তি কৰিবলগীয়া মাটিৰ পৰিমাণ ০৩ (তিনি) লেছাতকৈ কম হ’ব নোৱাৰিব আৰু যিকোনো ক্ষেত্রতে ৫ (পাঁচ) লেছাতকৈ বেছি হ’ব নোৱাৰিব বুলিও এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Leave A Reply

Your email address will not be published.