১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী অহাৰ সময়তে মুকলি হ’ব পাৰে চাংসাৰী AIIMS : মুখ্যমন্ত্রী

0 80

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ চাংসাৰীত নির্মীয়মান অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনিকে ধৰি আনুসংগিক কাম-কাজসমূহ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে মূল ভৱনৰ চিকিৎসা কক্ষৰ লগতে বাট-পথৰ নিৰ্মাণকাৰ্য আৰু চৌহদৰ চাফ-চিকুনতাৰ ওপৰত চৰজমিন পর্যবেক্ষণ কৰে।

ইয়াৰ পাছতে এক বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে চিকিৎসা প্রতিষ্ঠানখনৰ অ’ পি ডি, প্রেক্ষাগৃহ, চিকিৎসক-নাৰ্ছৰ আৱাসগৃহ, ছাত্র-ছাত্রী নিবাস, আয়ুস, অগ্নি নির্বাপক, আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাপনা আৰু বিভিন্ন বিভাগৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ যিসমূহ কাম এতিয়া সম্পূৰ্ণ হোৱা নাই সেইসমূহ তৎপৰতাৰে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নির্দেশ দিয়ে। বৈঠকত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিকে প্রতিষ্ঠানখনৰ নিৰ্মাণকাৰ্যৰ অগ্রগতি, মানৱ সম্পদ, উপলব্ধ হ’বলগীয়া চিকিৎসা সেৱা ইত্যাদি বিষয়সমূহ মুখ্যমন্ত্ৰীক অৱগত কৰে।

বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। বিশেষকৈ সৰুসজাইত যি ঐতিহাসিক বিহু উৎসৱৰ আয়োজন কৰা হৈছে তাত প্রধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰিব। সমান্তৰালভাৱে সেই দিনটোতে গুৱাহাটীত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানখনৰ শুভাৰম্ভ কৰিব পাৰি নেকি তাৰ বিষয়েও ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰি থকাৰ পৰিপ্ৰেক্ষিতত আজি এই প্রতিষ্ঠানখন পৰিদৰ্শন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সদৰী কৰে। তেওঁ কয় যে প্রতিষ্ঠানখনে অহা কিছু দিনৰ ভিতৰত ১৫০ খন বিছনাযুক্ত আই পি ডিও আৰম্ভ কৰিব। ইতিমধ্যে নিৰ্মাণৰ ৮৪ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে। তেওঁ কয় যে ইতিমধ্যে তিনিটা শৈক্ষিক বৰ্ষত প্ৰায় দুশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে আৰু অহা এপ্রিল-মে’ মাহত চতুর্থ শৈক্ষিক বৰ্ষৰ নামভৰ্তি হ’ব। অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানখন চিকিৎসা সেৱাৰ উদ্দেশ্যৰে মুকলি হোৱাৰ পিছত সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ চিকিৎসা সেৱা খণ্ডৰ মানদণ্ডৰ আমূল পৰিৱৰ্তন সাধন হ’ব। জনসাধাৰণে এই চিকিৎসা প্ৰতিষ্ঠানৰ অত্যাধিক চিকিৎসা সেৱাৰ সকলো সুবিধা লাভ কৰিব। উল্লেখ্য যে অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানখন মুকলি হোৱাৰ পিছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱা খণ্ডৰ আমূল পৰিৱৰ্তন সাধন হ’ব। জনসাধাৰণে এই চিকিৎসা প্রতিষ্ঠানখনৰ অত্যাধুনিক চিকিৎসা সেৱাৰ সকলো সুবিধা লাভ কৰিব।

মুখ্যমন্ত্রীয়ে চিকিৎসা প্রতিষ্ঠানখনৰ ভৱনৰ সন্মুখত এটি টার্মিনেলিয়া ভাৰিগোটা গছৰ পুলি ৰোপণ কৰে। উল্লেখ্য যে দ্ৰুতগতিত বাঢ়ি অহা এই আলংকৰিক বৃক্ষজোপাই প্রতিষ্ঠানখনৰ সেউজ আৱৰণ বৃদ্ধিত সহায় কৰিব।

Leave A Reply

Your email address will not be published.